নিজৰ হাতত সংখ্যা থকাৰ দাবী কৰি সিন্দেই কয়, ‘‘আমাৰ বিৰুদ্ধে তেওঁলোকে কি ব্যৱস্থা ল’ব পাৰে? আমিহে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ম। আমাৰ হাতত সংখ্যা আছে। আমি মেজৰিটী তেওঁলোক মাইনৰিটী। এই মুহূৰ্তত মুঠ ৫০জন বিধায়কৰ সমৰ্থন আছে। বিধায়কৰ সংখ্যা আৰু বাঢ়িব।’’
কোনো বিধায়কক হেঁচা বা ভাবুকি দিয়া হোৱা নাই বুলিও টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰে সিন্দেই। তেওঁ কয়, আমি বালাচাহেব থাকৰেৰ হিন্দুত্বৰ আদৰ্শ আগুৱাই নিব বিচাৰো।