உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • মাত্ৰ ১ টকাতে উপলব্ধ এক লিটাৰ পেট্ৰ'ল, পেট্ৰ'ল পাম্পত গ্ৰাহকৰ ভিৰ

    মাত্ৰ ১ টকাতে উপলব্ধ এক লিটাৰ পেট্ৰ'ল, পেট্ৰ'ল পাম্পত গ্ৰাহকৰ ভিৰ

     পেট্ৰ'ল-ডিজেলৰ এনে বৰ্ধিত মূল্যৰ সময়তে মহাৰাষ্ট্ৰৰ চোলাপুৰত মাত্ৰ ১ এটাত বিক্ৰী হৈছে এক লিটাৰ পেট্ৰ'ল।

    পেট্ৰ'ল-ডিজেলৰ এনে বৰ্ধিত মূল্যৰ সময়তে মহাৰাষ্ট্ৰৰ চোলাপুৰত মাত্ৰ ১ এটাত বিক্ৰী হৈছে এক লিটাৰ পেট্ৰ'ল।

    পেট্ৰ'ল-ডিজেলৰ এনে বৰ্ধিত মূল্যৰ সময়তে মহাৰাষ্ট্ৰৰ চোলাপুৰত মাত্ৰ ১ এটাত বিক্ৰী হৈছে এক লিটাৰ পেট্ৰ'ল।

    • Share this:
    যোৱা ১০ দিন ধৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ইয়াৰ পূৰ্বে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ১০ টকা পৰ্যন্ত বৃদ্ধি পাইছিল। পেট্ৰ'ল-ডিজেলৰ এনে বৰ্ধিত মূল্যই স্বাভাৱিকতে বিপাঙত পেলাইছিল গ্ৰাহকক। কিন্তু পেট্ৰ'ল-ডিজেলৰ এনে বৰ্ধিত মূল্যৰ সময়তে মহাৰাষ্ট্ৰৰ চোলাপুৰত মাত্ৰ ১ এটাত বিক্ৰী হৈছে এক লিটাৰ পেট্ৰ'ল।

    পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰ লগতে বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তী উপলক্ষে ৫০০ জন লোকক প্ৰতি লিটাৰত এক টকা হাৰত পেট্ৰ'ল বিক্ৰী কৰা হৈছে।

    পেট্ৰ'ল ক্ৰয় কৰিবলৈ গ্ৰাহকৰৰ ভিৰঃ

    এই অফাৰৰ অধীনত, প্ৰতিজন গ্ৰাহকক এক টকাত মাত্ৰ এক লিটাৰ পেট্ৰ'ল দিয়া হৈছে। ফলত পাম্পত বহু গ্ৰাহকে ভিৰ কৰে। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰা হৈছিল। অনুষ্ঠানটো 'ড০ আম্বেদকাৰ ষ্টুডেণ্টছ এণ্ড য়ুথ পেন্থাৰছ'ৰ দ্বাৰা আয়োজিত কৰা হৈছিল।

    সংগঠনটোৰ ৰাজ্যিক গোটৰ নেতা মহেশ সৰ্বগৌদাই কয়, "মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত, পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১২০ টকালৈ বৃদ্ধি হৈছে। সেয়েহে, জনসাধাৰণক সকাহ দিবলৈ আৰু ড০ বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ, আমি এক টকা হাৰত পেট্ৰ'ল বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিলো," তেওঁ কয়, "যদি আমাৰ দৰে এটা সৰু সংগঠনে ৫০০ লোকক সকাহ দিব পাৰে, তেন্তে চৰকাৰেও সকাহ দিয়া উচিত।"
    Published by:Himangshu Bhuyan
    First published: