আৰক্ষীয়ে ফ্লেটৰ বাথৰুমৰ দেৱাল ভাঙিবলৈ আৰম্ভ কৰাত চকু কপালত উঠে।
আৰক্ষীয়ে ফ্লেটৰ বাথৰুমৰ দেৱাল ভাঙিবলৈ আৰম্ভ কৰাত চকু কপালত উঠে।
মহাৰাষ্ট্ৰৰ পালঘৰৰ পৰা আহিছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। ৩২ বছৰীয়া এজন যুৱকে প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনে প্ৰেমিকাক হত্যা কৰি মৃতদেহটো দেৱালৰ সৈতে প্লাষ্টাৰ কৰি লুকুৱাই থয়। আৰক্ষীৰ মতে, দুয়ো লিভ ইন পাৰ্টনাৰ আছিল। অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
খবৰ অনুসৰি, বৃন্দাবন দৰ্শন কমপ্লেক্সৰ ১০১নং ফ্লেটত সুৰজ হৰমলকাৰ আৰু তেওঁৰ লিভ ইন পাৰ্টনাৰ অমিতা মোহিতে বাস কৰিছিল। স্থানীয় লোকৰ মতে, বিগত কিছুদিন ধৰি কেৱল সুৰজকে দেখিবলৈ পাইছিল, অমিতাক তেওঁলোকে দেখা নাছিল। এই সন্দৰ্ভত আৰক্ষীক জনোৱাত আৰক্ষীৰ লগতে ফৰেনছিক বিশেষজ্ঞ ঘৰটোত উপস্থিত হয়।
আৰক্ষীয়ে ফ্লেটৰ বাথৰুমৰ দেৱাল ভাঙিবলৈ আৰম্ভ কৰাত চকু কপালত উঠে। দেৱালৰ ভিতৰত আছিল অমিতাৰ মৃতদেহ। আৰক্ষীৰ মতে, মৃতদেহটো প্ৰায় চাৰি মাহ পুৰণি আছিল। সুৰজ আৰু অমিতা এই ফ্লেটটোত ভাড়াতীয়া হিতাপে আছিল। আৰক্ষীয়ে অমিতাৰ মৃতদেহটো উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে, সোধা–পোছাৰ বাবে সুৰজক জিম্মাত লৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|