অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে (Bachchu Kadu apologises)। অসমৰ লোকে কুকুৰৰ মাংস খাই বুলি মহাৰাষ্ট্ৰ বিধানসভাত অপমানজনক মন্তব্য কৰিছিল বিধায়ক বাচ্চু কাডুৱে। বাচ্চু কাডুৰ এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী একনাথ সিন্দেই (Eknath Shinde)।
বাচ্চু কাডুৰ এই মন্তব্যৰ পিছতে অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহাৰাষ্ট্ৰৰ বিধায়কজনৰ এনে অপমানসূচক মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ লিখিছিল পত্ৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে। লগতে অপমানজনক মন্তব্য কৰা বিধায়ক বাচ্চু কাডুৱেও বিচাৰিলে ক্ষমা। বিধানসভাত কৰা মন্তব্য প্ৰত্যাহাৰ কৰা বুলি মন্তব্য কৰে বাচ্চু কাডুৱে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 24, 2023, 10:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।