• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰৱল বৃষ্টিপাতৰ কবলত মুম্বাই, পানীৰ তলত বহু অঞ্চল, হাই এলাৰ্ট জাৰি

প্ৰৱল বৃষ্টিপাতৰ কবলত মুম্বাই, পানীৰ তলত বহু অঞ্চল, হাই এলাৰ্ট জাৰি

দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্ৰৱল বৃষ্টিপাত। ক্ৰমাত্‍ অধিক অৱনমিত হৈছে পৰিস্থিতি।

দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্ৰৱল বৃষ্টিপাত। ক্ৰমাত্‍ অধিক অৱনমিত হৈছে পৰিস্থিতি।

দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্ৰৱল বৃষ্টিপাত। ক্ৰমাত্‍ অধিক অৱনমিত হৈছে পৰিস্থিতি।

  • Share this:
দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্ৰৱল বৃষ্টিপাত। ক্ৰমাত্‍ অধিক অৱনমিত হৈছে পৰিস্থিতি। মঙলবাৰৰ পৰা অব্যাহত খকা মুখলধাৰ বৰষুণৰ ফলত চৌদিশে এতিয়া পানী আৰু পানী। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনাইছে। জাৰি কৰা হৈছে হাই এলাৰ্ট। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰত্নগিৰি, সিন্ধুডাৰ্গ, পলঘৰ, কোলহাপুৰ, থানে, ৰাইগড় জিলা উপায়ুক্তৰ পৰা বুজ লৈছে পৰিস্থিতি।



আনকি বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, আগন্তুক তিনিদিনলৈ ৰাজ্যখনত অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাল। প্ৰতিঘণ্টাত ৭০ কিলো মিটাৰ বেগত আহিব বতাহ।



জানিব পৰা মতে, এতিয়াও মুম্বাইত অব্যাহত আছে প্ৰৱল বৃষ্টিপাত আৰু বতাহ। ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মুম্বাইৰ পৰেলস্থিত কেম হাস্পতালৰ ওচৰত প্ৰচণ্ড বতাহ ধুমুহাত আৰু বৃষ্টিপাতৰ ফলত এজোপা ডাঙৰ গছ ভাঙি বাছ আস্থানত পৰি যায়। কিন্তু সৌভাগ্যক্ৰমে বাছ ষ্টপেজটোত সেইসময়ত নাছিল কোনো লোক।
Published by:Himangshu Bhuyan
First published: