ঘোঁৰাত উঠি কাৰ্যালয়লৈ আহিব চৰকাৰী কৰ্মচাৰী! চৌহদত ঘোঁৰা পাৰ্কিং কৰিবলৈ বিচাৰিলে অনুমতি

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:31 PM IST
ঘোঁৰাত উঠি কাৰ্যালয়লৈ আহিব চৰকাৰী কৰ্মচাৰী! চৌহদত ঘোঁৰা পাৰ্কিং কৰিবলৈ বিচাৰিলে অনুমতি
দৈনিক ঘোঁৰাত উঠি কাৰ্যালয়লৈ অহাৰ অনুমতি বিচাৰিছে নান্দেড কালেক্টৰেটৰ গেৰাণ্টী আঁচনি বিভাগত কৰ্মৰত সহকাৰী একাউণ্ট বিষয়া সতীশ পাঞ্জাৱৰাও দেশমুখে।

দৈনিক ঘোঁৰাত উঠি কাৰ্যালয়লৈ অহাৰ অনুমতি বিচাৰিছে নান্দেড কালেক্টৰেটৰ গেৰাণ্টী আঁচনি বিভাগত কৰ্মৰত সহকাৰী একাউণ্ট বিষয়া সতীশ পাঞ্জাৱৰাও দেশমুখে।

  • Share this:
কোৰোণা সংক্ৰমণৰ বাবে মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থকা কাৰ্যালয়সমূহ এতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। যিহেতু বহু মাহ ধৰি ঘৰৰ পৰা কাম কৰা বহুসংখ্যক কৰ্মচাৰী এতিয়া লাহে লাহে কাৰ্যালয়লৈ আহিবলৈ লৈছে। ঠিক তেনে সময়তে কিন্তু প্ৰতিদিনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াও হৈছে সকলো। কোভিড-১৯ সংক্ৰমণৰ বাবে দৈনিক কাৰ্যালয়লৈ অহা-যোৱাৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থা বৰ্তমানেও অসুৰক্ষিত হৈ আছে। যাৰ বাবে বহুতে ব্যক্তিগত দুচকীয়া বাহন আৰু গাড়ী ল'বলগীয়া হৈছে।

এইসমূহ ব্যৱস্থাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ নান্দেড চহৰৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে হাতত লৈছে ব্যতিক্ৰমী পন্থা। নান্দেড কালেক্টৰেটৰ গেৰাণ্টী আঁচনি বিভাগৰ সহকাৰী একাউণ্ট বিষয়া হিচাপে কৰ্মৰত সতীশ পাঞ্জাৱৰাও দেশমুখে ঘোঁৰাত উঠি দৈনিক কামলৈ অহাৰ বাবে অনুমতি বিচাৰি সংগ্ৰাহকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। কথা পত্ৰ ৰাজহুৱা হোৱাৰ পিছতে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বিষয়টোৱে।

পত্ৰখনত লিখা তথ্য অনুসৰি, বিগত বহু সময় ধৰি পিঠিৰ বিষত ভুগি অহাৰ বাবে সময়মতে কাৰ্যালয়ত উপস্থিত হ'বলৈ এটা সুবিধাজনক উপায় বিচাৰি আছিল দেশমুখে। পিঠিৰ বিষৰ বাবে বাইক চলোৱাটো তেওঁৰ বাবে অতি কষ্টকৰ। বাইক চলাবলৈ অক্ষম হোৱাৰ লগতে গাড়ীৰ খৰচ বহন কৰিবলৈ অক্ষম সতীশে এটা ঘোঁৰা ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল।

কিন্তু এতিয়ালৈকে কাৰ্যালয়ৰ চৌহদত ঘোঁৰা পাৰ্কিং কৰিবলৈ অনুমতি লাভ কৰিলেনে নাই, সেয়া নিশ্চিত হোৱা নাই।  কিন্তু এই ঘটনাই এতিয়া ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।
Published by: Himangshu Bhuyan
First published: March 5, 2021, 5:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি