মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোভিড পৰীক্ষাৰ ভয়, ঘৰত লুকুৱাই থ'লে পিতৃৰ মৃতদেহ, তাৰ পিছতে কন্যাৰ আত্মহত্যা- এক হৃদয়বিদাৰক ঘটনা!

কোভিড পৰীক্ষাৰ ভয়, ঘৰত লুকুৱাই থ'লে পিতৃৰ মৃতদেহ, তাৰ পিছতে কন্যাৰ আত্মহত্যা- এক হৃদয়বিদাৰক ঘটনা!

representative image

representative image

মানুহে গম পালে কোৰোণা পৰীক্ষা কৰিব লাগিব আৰু পজিটিভ ৰিপোৰ্ট আহিলে কোভিড কেয়াৰ চেণ্টাৰত বা হাস্পতালত থাকিব লাগিব বুলি ভয় কৰিয়েই লুকুৱাই থৈছিল পিতৃৰ মৃতদেহ।

  • Share this:
কোভিড-১৯ পৰীক্ষা কৰাৰ ভয়ত মৃত পিতৃৰ শৱদেহ তিনিদিন ধৰি ঘৰৰ ভিতৰত পেলাই থৈছিল দুই কন্যাই। দেওবাৰে মৃত্যু হৈছিল হৰিদাস সহৰকাৰ নামৰ লোকজনৰ মৃত্যু হৈছিল। কিন্তু এি কথা কাকো নোকোৱাকৈ পিতৃৰ মৃতদেহ ঘৰতে পেলাই থৈছিল। মানুহে গম পালে কোৰোণা পৰীক্ষা কৰিব লাগিব আৰু পজিটিভ ৰিপোৰ্ট আহিলে কোভিড কেয়াৰ চেণ্টাৰত বা হাস্পতালত থাকিব লাগিব বুলি ভয় কৰিয়েই লুকুৱাই থৈছিল পিতৃৰ মৃতদেহ। এই কৰুণ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত।

ইমানেই নহয় পিতৃৰ মৃত্যুৰ পিছত আত্মহত্যা কৰিলে এগৰাকী কন্যাইও। আন এগৰাকী কন্যাইও আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকে উদ্ধাৰ কৰে। উল্লেখ্য যে পিতৃ হৰিদাস সহৰকাৰৰ মৃত্যুৰ পিছত সাগৰত জঁপিয়াই আত্মহত্যা কৰিছিল জ্যেষ্ঠ কন্যা বিদ্যাই। সৰু কন্যা স্বপ্নালীয়েও একেদৰেই আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকে উদ্ধাৰ কৰে।

বুধবাৰে আৰক্ষীয়ে জনোৱা মতে সৰু কন্যাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। দেওবাৰেই মৃত্যু হোৱা হৰিদাস সহৰকাৰৰ ক্ষত-বিক্ষত মৃতদেহ বুধবাৰে আৰক্ষীয়ে ঘৰৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীয়ে দুটা পৃথক গোচৰ ৰুজু কৰি ঘটনাৰ অনুসন্ধান কৰি আছে।

শেহতীয়া বাতৰি