• Home
  • »
  • News
  • »
  • nation
  • »
  • Uddhav Thackeray Resigned: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে উদ্ধৱ থাকৰেই

Uddhav Thackeray Resigned: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে উদ্ধৱ থাকৰেই

উদ্ধৱ থাকৰেৰ পদত্যাগ

উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray Resigned: উচ্চতম ন্যায়ালয়ে আস্থা ভোটৰ সপক্ষে ৰায় দান কৰাৰ পিছতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে উদ্ধৱ থাকৰেই।

  • Share this:
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে উদ্ধৱ থাকৰে (Uddhav Thackeray Resigned)ই।

উচ্চতম ন্যায়ালয়ে আস্থা ভোটৰ সপক্ষে ৰায় দান কৰাৰ পিছতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে উদ্ধৱ থাকৰেই।



উল্লেখ্য যে আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সংখ্যগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দি কাইলৈ আস্থা ভোটৰ আহ্বান কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপালে। ৰাজ্যপালৰ এই নিৰ্দেশক অসাংবিধানিক আখ্যা দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিৱ সেনা। আজি সন্ধিয়া শিৱ সেনাৰ আবেদনৰ শুনানি গ্ৰহণৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাজ্যপালৰ আস্থা ভোটৰ নিৰ্দেশক বাহাল ৰাখে। ইয়াৰ পিছতে পদত্যাগ ঘোষণা কৰে উদ্ধৱ থাকৰেই।

উল্লেখ্য যে ২০১৯ৰ ২৮ নৱেম্বৰৰ পৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈ আছিল উদ্ধৱ থাকৰে। কংগ্ৰেছ আৰু এনচিপিৰ সৈতে শিৱ সেনাই মিত্ৰতা কৰি মহা অঘাড়ী চৰকাৰ গঠন কৰিছিল মহাৰাষ্ট্ৰত।
Published by:Manjumoni Borah
First published: