মুখ্যপৃষ্ঠা »খবৰ »দেশ »মহাৰাষ্ট্ৰ: থানেত একনাথ সিন্দে গোটৰ দুটা ফৈদৰ মাজত সংঘৰ্ষ

মহাৰাষ্ট্ৰ: থানেত একনাথ সিন্দে গোটৰ দুটা ফৈদৰ মাজত সংঘৰ্ষ

মুম্বাইৰ সমীপৱৰ্তী থানেত একনাথ সিন্দে গ্ৰুপৰ দুটা গোটৰ মাজত পাৰস্পৰিক সংঘৰ্ষ হয় আৰু পৰৱৰ্তীকালত ই মাৰপিটৰ পৰ্যায় পায়

  • Share this:
মহাৰাষ্ট্ৰৰ একনাথ সিন্দে গোটৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে। মুম্বাইৰ সমীপৱৰ্তী থানেত একনাথ সিন্দে গ্ৰুপৰ দুটা গোটৰ মাজত পাৰস্পৰিক সংঘৰ্ষ হয় আৰু পৰৱৰ্তীকালত ই মাৰপিটৰ পৰ্যায় পায়। কোৱা হৈছে যে এই ঘটনাটো থানেৰ উলহাচনগৰ অঞ্চলৰ, য'ত পাৰস্পৰিক বিবাদৰ বাবে একনাথ সিন্দে শিবিৰৰ দুটা গোটৰ মাজত তীব্ৰ কাজিয়া হয়।

তথ্য অনুসৰি, এটা গোটে উলহাচনগৰ অঞ্চলত চলি থকা পথ নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰি আছিল। সেই সময়তেই আনটো গোটে তেওঁলোকক আক্ৰমণ কৰে সোনকালেই মাৰপিট আৰম্ভ হয়। এই সংঘৰ্ষত কিছু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমান, থানে আৰক্ষীয়ে গোচৰটোৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই মুহূৰ্তত, কাজিয়াৰ প্ৰকৃত কাৰণ প্ৰকাশ কৰা হোৱা নাই।

এইটো নিজেই এক আচৰিত ঘটনা, য'ত সিন্দে গোটৰ দুটা ফৈদে ইটোৱে সিটোৰ সৈতে সংঘৰ্ষ কৰিছে। ইয়াৰ পূৰ্বে, মহাৰাষ্ট্ৰত উদ্ধৱ গোট আৰু শিন্দে গোটৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছিল। কিছু সময় আগতে থানেত একনাথ সিন্দে আৰু উদ্ধৱ ঠাকৰে শিৱসেনাৰ দলৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল, যাৰ পিছত মহাৰাষ্ট্ৰ আৰক্ষীয়ে লাঠিচালনা কৰিছিল।

শেহতীয়া বাতৰি