পদত্যাগ কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই বুলি উল্লেখ কৰে।
পদত্যাগ কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই বুলি উল্লেখ কৰে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে। উদ্ধৱ থাকৰেই পদত্যাগ পত্ৰ ৰাজ্যপালক প্ৰদান কৰিছে। ৰাজ্যপালে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে (Uddhav Thackeray Resigns)।
ইয়াৰ আগতে তেওঁ ফেচবুক লাইভত কৈছিল যে তেওঁ বিধান পৰিষদৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে৷ পদত্যাগ কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই বুলি উল্লেখ কৰে। থাকৰেই লগতে কয় যে যি পৰিস্থিতি হৈছে, তাৰ মাজত তেওঁৰ সোমোৱাৰ সমূলি ইচ্ছা নাছিল। সেয়ে প্ৰথমেই তেওঁ মুখ্যমন্ত্ৰীৰ আৱাস ত্যাগ কৰিছিল।
উল্লেখ্য, উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে তেওঁ কাইলৈ প্ৰমাণ কৰিব লাগিব যে তেওঁৰ চৰকাৰৰ এতিয়াও সংখ্যাগৰিষ্ঠ। এই ৰায়দানৰ কিছুসময় পিছতে তেওঁ পদত্যাগ কৰে।
মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত মহাৰাষ্ট্ৰত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। উদ্ধৱ থাকৰেৰ পদত্যাগৰ পিছত মহাৰাষ্ট্ৰৰ নিৰ্দলীয় বিধায়ক ৰবি ৰাণাই কয়, "মুখ্যমন্ত্ৰীয়ে আগতেই পদত্যাগ কৰিব লাগিছিল। তেওঁৰ মুঠিত থকা শক্তিও বাহিৰলৈ গৈছে। যিসকলে হনুমান চালিচাক অপমান কৰে তেওঁলোকক হনুমান ভক্তসকলে এটা পাঠ শিকাইছে।''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|