মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চন্দ্ৰপুৰ-মুল পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া দুখন ট্ৰাকৰ সংঘৰ্ষত চালক আৰু শ্ৰমিকসহ ৯জন লোকৰ মৃত্যু হয়। লগতে এই দুৰ্ঘটনাত আহত হয় কেইবাজনো লোক। দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ ট্ৰাকখনৰ তীব্ৰ গতিবেগ বুলি জানিব পৰা গৈছে। ডিজেলভৰ্তি টেংকাৰ আৰু কাঠভৰ্তি ট্ৰাকৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বাহন দুখন জ্বলি উঠে, যাৰ ফলত ৯ জন লোকৰ মৃত্যু হয়। শুকুৰবাৰে আৰক্ষীয়ে এই কথা অৱগত কৰে।