মুখ্যপৃষ্ঠা »খবৰ »দেশ »মাৰাঠী জাতীয়তাবাদঃ স্থানীয় প্ৰশাসনত নিষিদ্ধ ইংৰাজী, হিন্দী ভাষাৰ ব্যৱহাৰ, মাৰাঠী ভাষা বাধ্যতামূলক কৰিবলৈ গৃহীত আইন

মাৰাঠী জাতীয়তাবাদঃ স্থানীয় প্ৰশাসনত নিষিদ্ধ ইংৰাজী, হিন্দী ভাষাৰ ব্যৱহাৰ, মাৰাঠী ভাষা বাধ্যতামূলক কৰিবলৈ গৃহীত আইন

আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত।

আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত।

আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত।

  • Share this:
মহাৰাষ্ট্ৰৰ গ্ৰাম্য, নগৰীয়া সকলো স্থানীয় প্ৰশাসনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ গৃহীত হ’ল আইন। বৃহস্পতিবাৰে চলিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে বিধেয়কখন গৃহীত কৰিবলৈ উত্থাপন কৰে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়তত মাৰাঠী ভাষাক বাধ্যতামূলক কৰাৰ ব্যৱস্থা নাছিল যাৰ পৰিপ্ৰেক্ষিতত নতুন আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছিল ।

স্থানীয় প্ৰশাসনত মাৰাঠী ভাষা ব্যৱহাৰ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই বিধেয়ক গৃহীত হ’ল বুলি জানিব পৰা গৈছে।  আইনখন কাৰ্যকৰী কৰাৰ Nodal Agency হ’ব ৰাজ্য চৰকাৰৰ ভাষা বিভাগ।

আইনখন গৃহীত হোৱাৰ পিছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব। বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত।

শেহতীয়া বাতৰি