মহাৰাষ্ট্ৰত মিত্ৰতাৰ ‘দাম’ বিচাৰিছে শিৱসেনাই, আদিত্য থাকৰেক মুখ্যমন্ত্ৰী বনাওক

কেবিনেটতো অৰ্ধেকসংখ্যক মন্ত্ৰীপদ বিচাৰিছে দলটোৱে। শিৱসেনাই চৰ্ত দিছে যে ৫ বছৰৰ শাসনকালৰ আঢ়ৈবছৰ শিৱসেনাৰ হাতত থাকিব লাগে মুখ্যমন্ত্ৰীৰ আসন।

News18-Assam
Updated:October 24, 2019, 2:33 PM IST
মহাৰাষ্ট্ৰত মিত্ৰতাৰ ‘দাম’ বিচাৰিছে শিৱসেনাই, আদিত্য থাকৰেক মুখ্যমন্ত্ৰী বনাওক
কেবিনেটতো অৰ্ধেকসংখ্যক মন্ত্ৰীপদ বিচাৰিছে দলটোৱে। শিৱসেনাই চৰ্ত দিছে যে ৫ বছৰৰ শাসনকালৰ আঢ়ৈবছৰ শিৱসেনাৰ হাতত থাকিব লাগে মুখ্যমন্ত্ৰীৰ আসন।
News18-Assam
Updated: October 24, 2019, 2:33 PM IST
মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে বিজেপি–শিৱসেনা মিত্ৰজোঁট। অৱশ্যে প্ৰত্যাশিত ফলাফলতকৈ কিছু কম সংখ্যক আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে বিজেপি। যাৰ বাবে শিৱসেনাই বুজি উঠিছে নিজৰ গুৰুত্ব। চৰকাৰ গঠন কৰিবলৈ শিৱসেনাই এইবাৰ বিজেপিক দিছে ৫০–৫০ৰ ফৰ্মূলা। শিৱসেনাই এই ফৰ্মূলাত মুখ্যমন্ত্ৰীৰ পদ বিচাৰিছে আদিত্য থাকৰেৰ বাবে।

আনহাতে, কেবিনেটতো অৰ্ধেকসংখ্যক মন্ত্ৰীপদ বিচাৰিছে দলটোৱে। শিৱসেনাই চৰ্ত দিছে যে ৫ বছৰৰ শাসনকালৰ আঢ়ৈবছৰ শিৱসেনাৰ হাতত থাকিব লাগে মুখ্যমন্ত্ৰীৰ আসন। বিজেপিৰ তৰফৰ পৰা এইপৰ্যন্ত মিত্ৰতাৰ এই ফৰ্মূলাক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই যদিও, ঢৌতে খৰ মাৰি NCP আৰু কংগ্ৰেছে নিমিলা অংক মিলাবলৈ শিৱসেনাক নেতৃত্বৰ বাঘজৰী অৰ্পণ কৰাৰ এটা সূত্ৰ বিচাৰি পাইছে। বিজেপিয়ে অৱশ্যে শিৱসেনাৰ সৈতে মিত্ৰতা অটুট থকাক লৈ স্পষ্ট মত প্ৰকাশ কৰিছে।

চাওক আদিত্য থাকৰেৰ জীৱন পৰিক্ৰমাঃ


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি