এটা সময়ত বিজেপিৰ তুলিছিল অজিত পাৱাৰে মহাৰাষ্ট্ৰত সংঘটিত কৰিছে বিয়াগোম দুৰ্নীতি! কিন্তু সেই কথা এতিয়া পুৰণি হ’ল। সকলোকে হতচকিত কৰি নিশাটোৰ ভিতৰতে অজিত পাৱাৰৰ হাতত ধৰি বিজেপিয়ে ক্ৰমাগত দ্বিতীয় বাৰলৈ মহাৰাষ্ট্ৰত গঠন কৰিলে চৰকাৰ । এটা সময়ত প্ৰায়ে কেলেংকাৰী, দুৰ্নীতিৰ প্ৰসংগত বিজেপিয়ে সমালোচনা কৰা অজিত পাৱাৰক যাচিলে উপ–মুখ্যমন্ত্ৰী পদ।
উপ–মুখ্যমন্ত্ৰী পদনো এৰে কেনেকৈ! গতিকে সকলো নীতি আদৰ্শ বিষৰ্জন দি বিজেপিৰ সৈতে চৰকাৰৰ অংশীদাৰ হ’ল অজিত পাৱাৰ। উপ মুখ্যমন্ত্ৰী হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত এতিয়া অজিত পাৱাৰক দুৰ্নীতিৰ গোচৰত ক্লীনশ্বীট দিছে এণ্টি কৰাপচন ব্যুৰ’ই। ৭০ হাজাৰ কোটি টকাৰ মহাৰাষ্ট্ৰৰ জলসিঞ্চন কেলেংকাৰীত ক্লীনশ্বীট দিয়া হ’ল অজিত পাৱাৰক। ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা তথ্য অনুসৰি উক্ত কেলেংকাৰীত কোনো কাৰণতে জড়িত নহয় অজিত পাৱাৰ। বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে পাৱাৰক দিয়া হয় ক্লীনশ্বীট। পাৱাৰৰ বিৰুদ্ধে থকা ৯ টা গোচৰ খাৰিজ কৰিছে আদালতে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 25, 2019, 18:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।