মহাৰাষ্ট্ৰ (Maharashtra)ত নতুনকৈ অমিক্ৰন ভেৰিয়েণ্ট ((Coronavirus Omicron Variant)ৰ দ্বাৰা সংক্ৰমিত হৈছে ৭ জন লোক। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে আতংকৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰ সস্বাস্থ্য বিভাগত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তথ্য মতে সংক্ৰমিত ৭ জনৰ ভিতৰত ৩ জনেই মুম্বাই(Mumbai)ৰ। আন চাৰিটা সংক্ৰমণৰ ঘটনা পিম্পৰিত পোৱা গৈছে। আক্ৰান্তসকলৰ ভিতৰত ৩ বছৰীয়া এটি শিশুও আছে।
সকাহৰ কথা এইটোৱেই যে আক্ৰান্ত আটাইকেইজনৰ দেহতেই ভাইৰাছৰ সাধাৰণ লক্ষণহে প্ৰকাশ পাইছে। এই ৭ জনকে ধৰি সমগ্ৰ দেশত অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পালে। নতুন ৭ জনৰ ভিতৰত চাৰিজনে দুটা পালি ভেকচিন লৈছে এজনে এটা পালি ভেকচিন লৈছে। মুম্বাইত প্ৰথমটো অমিক্ৰনত সংক্ৰমণৰ ঘটনা ধাৰাৱীত পোৱা গৈছিল। টাঞ্জানিয়াৰ পৰা অহা এজন লোকৰ দেহত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছিল। লোকজন চেন্নাইৰ যদিও বিগত কেইবছৰমান ধৰি ধাৰাৱীত বাস কৰি আছিল।
ইপিনে মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৭৮৯ গৰাকী লোক নতুনকৈ কোৰোণা (Corona Virus)ত আক্ৰান্ত হৈছে। ধাৰাৱীৰ দৰে ঘন বস্তি এলেকাত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে মহাৰাষ্ট্ৰত হাহাকাৰ লাগি আছে।