অসমীয়াৰ পদূলি আহি পালে ভোগালী, অহাকালি উৰুকা ৷ উৰুকাৰ নিশা মেজি আৰু ভেলাঘৰৰ তলত লগেভাগে খাব এসাঁজ সকলোয়ে ৷ এই বিহুক লৈ ব্যাপক উচাহ ৰাজ্যবাসীৰ মাজত ৷ কেৱল অসমতে নহয়, ভৌগোলিক সীমা অতিক্ৰম কৰি চুবুৰীয়া ৰাজ্য মেঘালয়তো এক উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে এই বিহুকলৈয়ে ৷
![]()
ভোগালীক আদৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাত ৷ মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ মাণিকগঞ্জ হৰিনকাটাত ভোগালীৰ উচাহ ৷ দিনে নিশাই ভেলাঘৰ সজাত ব্যস্ত যুৱক-যুৱতী, পুৰুষ-মহিলা ৷ ভৌগোলিক ভাবে অসমৰ পৰা বিচিন্ন হ’লেও সাংস্কৃতিকভাৱে বিচ্ছিন্ন হ’ব পৰা নাই ৰাভা জনগোষ্ঠীও ভাই-ভনী সকলে ৷
![]()
সেয়ে বিহু বুলি কলে গাত তৎ নাইকিয়া হৈ পৰে মেঘালয়ত বসবাস ৰাভা জনগোষ্ঠীৰ লোক সকল ৷ অসমৰ দৰে মেঘালয়তো এতিয়া ভোগালীৰ পাৰ ভঙা উচাহ ৷ উত্তৰ গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জৰ হৰিনকাটাত কছাৰী পাৰাত পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে হেঁপাহৰ ভোগালী বিহু ৷ ভেলাঘৰৰ বাকৰিত ভোগালীক আদৰাৰ লগতে ৰাভা জনগোষ্ঠীও মহিলা-যুৱতী সকলে কঁকাল ঘুৰাই নাছিলে বিহু, ৰাভা নৃত্য কৰাৰ লগতে গালে গানও ৷ মুঠৰ ওপৰত আনন্দৰ যেন সীমা নাই ৷ এক কথাত ক’ব পাৰি অসমতকৈ কোনো গুণে কম নহয় মেঘালয়ত ভোগালীৰ উচাহ ৷
![]()
অকল ভোগালীয়ে নহয় অসমৰ প্ৰতিটো উৎসৱ এওঁলোকে পালন কৰে ৰঙালী, ভোগালী আৰু কঙালী সকলো উৎসৱে বৰ ধুমধামেৰে পালন কৰে মেঘালয়ত বসবাস কৰা ৰাভা জন গোষ্ঠীৰ লোক সকলে ৷ এই বেলি অট্টালিকাৰ আৰ্হিত দুই মহলীয়া ভেলাঘৰ সাজিছে ৰাভা যুৱক যুৱতী সকল ৷ সকলোয়ে এতিয়া বিহুকলৈ ব্যস্ত ৷ উত্তৰ গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ, জোংলা , ৰোম, দাৰাম, থাপাত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোক সকলে ভোগালীৰ আনন্দত মতলীয়া হৈ পৰিছে ৷
![]()
ইয়াৰ পৰা এটা কথায়ে বুজা যায় যে, প্ৰতিগৰাকী অসমীয়াৰ শিৰাই শিৰাই বৈ আছে বিহু, কৃষ্টি, সংস্কৃতি ৷ দেশতে থাকক বা বিদেশতে থাকক, অসমতে থাকক বা মেঘালয়তে থাকক, অসমীয়া সদায় অসমীয়া হৈয়ে থাকিব ৷ বিহু বুলি ক’লেই বলিয়া প্ৰতিজন অসমীয়া ৷ বিহু বুলি ক’লেই ৰৈ থাকিব নোৱাৰা এক অনুভূতি ৷ বুজাব নোৱাৰা এক অনুভৱ ৷ এয়াইটো খাটি খোৱা অসমীয়াৰ বাপোতিসাহোন বিহু৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|