• Home
  • »
  • News
  • »
  • nation
  • »
  • অবৈধ প্ৰব্ৰজনকাৰী বিতাড়ন কৰিবলৈ তিনি মাহৰ ভিতৰত আইন প্ৰণয়ন কৰক : কেন্দ্রক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অবৈধ প্ৰব্ৰজনকাৰী বিতাড়ন কৰিবলৈ তিনি মাহৰ ভিতৰত আইন প্ৰণয়ন কৰক : কেন্দ্রক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা লোকে আধাৰ কাৰ্ডো সংগ্ৰহ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে উচ্চ ন্যায়ালয়ে।

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা লোকে আধাৰ কাৰ্ডো সংগ্ৰহ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে উচ্চ ন্যায়ালয়ে।

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা লোকে আধাৰ কাৰ্ডো সংগ্ৰহ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে উচ্চ ন্যায়ালয়ে।

  • Share this:
মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক অবৈধ প্ৰব্ৰজনকৰী (Illegal Immigrants) বিতাড়ন কৰিবলৈ তিনি মাহৰ ভিতৰত উপযুক্ত আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা লোকে আধাৰ কাৰ্ডো সংগ্ৰহ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। অপৰাধত দোষী সাব্যস্ত হোৱা তেনে লোকক শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱা মাত্ৰকে স্বদেশলৈ প্ৰেৰণ কৰাটো বিচাৰি তেনে নিৰ্দেশ দিছে জাৰি কৰিছে উচ্চ ন্যায়ালয়খনে।

ন্যায়াধীশ এম ধাণ্ডাপানীয়ে এই সন্দৰ্ভত সোমবাৰে এক শুনানি গ্ৰহণ কৰি বিদেশী পঞ্জীয়ন কাৰ্যালয় আৰু সীমান্ত চেক পোষ্টক বিদেশী লোকৰ প্ৰৱেশৰ সবিশেষ ৰাজ্যিক আইন বলবৎকাৰী প্ৰতিষ্ঠানসমূহক প্ৰতি ১৫দিনৰ অন্তৰালত যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীক প্ৰতিখন জিলাত এক বিশেষ কোষ গঠন কৰি তেনে লোকক বিশেষভাৱে নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে।

অবৈধভাৱে বসবাস কৰি থকা লোকে ভাৰতত থাকিব লৈ কেতবোৰ লঘু অপৰাধমূলক কামত লিপ্ত হোৱাৰ দৃষ্টিগোচৰ হৈছে আদালতৰ। তাৰ পিছত জামিনত মুক্ত হৈ বিচাৰাধীন গোচৰৰ অচিলা লৈ এনে লোকে ভাৰতত থকাৰ চেলু উলিয়াই লোৱা পৰিলক্ষিত হৈছে আদালতৰ। সেই কাৰণে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নির্দেশ দিছে কেন্দ্ৰীয় চৰকাৰক।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিয়ম অনুসৰি দেশত বিনা উপযুক্ত নথিৰে প্ৰৱেশ কৰা আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত বসবাস কৰা লোকক কৰায়ত্ত কৰি ডিটেনচন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগে। আৰু অপৰাধত দোষী সাব্যস্ত হোৱাজনৰ শাস্তিৰ ম্যাদ উকলি যোৱা মাত্ৰকে স্বদেশলৈ প্ৰেৰণ কৰিব লাগে।
Published by:Sanjay Kumar Das
First published: