শিশুসকলৰ বাবে মাদ্ৰাছা শিক্ষাৰ বিৰোধিতা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে, 'বিদ্যালয়সমূহে আধুনিক শিক্ষা প্ৰদান কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতে যিকোনো কাম কৰাৰ বিকল্প পথৰ সন্ধান লাভ কৰে। ধৰ্মীয় শিক্ষা ঘৰতো দিব পৰা যায়। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানত প্ৰৱেশ এনে এক বয়সত হ'ব লাগে যেতিয়া শিশুৱে তেওঁলোকৰ নিজা সিদ্ধান্ত ল'ব পাৰে।'
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পঞ্চজন্যৰ দ্বাৰা আয়োজন কৰা মিডিয়া মহামন্থনত অংশগ্ৰহণ কৰি মাদ্ৰাছা শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ'ব লাগে। যেতিয়ালৈকে শিশুসকল মাদ্ৰাছালৈ যাব, কেতিয়ালৈকে কোনো শিশু ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। মাদ্ৰাছাত ভৰ্তি কৰাৰ পূৰ্বে এটি শিশুক যদি কোৱা হয় যে, তেওঁ ডাঙৰ হ'লে কেৱল ‘জনাব’হে হ'ব পাৰিব, তেতিয়া কোনো শিশুৱেই মাদ্ৰাছালৈ নাযাব। ঘৰত দুই-তিনি ঘণ্টা ধৰ্মীয় পুথি পঢ়ালেও বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নালাগে।'
আনকি শিশুসকলক প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত কৰি ধৰ্মীয় শিক্ষা দিয়াটো এক প্ৰকাৰৰ মানৱ অধিকাৰ উলংঘন বুলিও দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যৰ বিষয়ে বৰ্ণনা কৰি কয় যে, 'মাদ্ৰাছাসমূহৰ শিক্ষা ব্যৱস্থা এনেকুৱা হ'ব লাগে যাতে তেওঁলোকে ভৱিষ্যতে শিক্ষাৰ্থীসকলক যিকোনো কাম কৰাৰ বিকল্প দিব পাৰে। বিজ্ঞান, ভূগোল বা আধুনিক শিক্ষা প্ৰদান কৰিলেহে শিশুসকলৰ ভৱিষ্যত উজ্বল হ'ব। শিশুসকলক চিকিৎসক, অধ্যাপক, ইঞ্জিনিয়াৰ হ'ব পৰাকৈ শিক্ষা প্ৰদান কৰা উচিত।
অনুষ্ঠানত অসমৰ প্ৰসংগ টানি আনি হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'অসমত ৩৬ শতাংশ মুছলমান জনসংখ্যা আছে। কিন্তু ই তিনিটা শ্ৰেণীত বিভক্ত। থলুৱা মুছলমান, যাৰ সংস্কৃতি আমাৰ দৰে। ধৰ্মান্তৰিত মুছলমান - আমি তেওঁলোকক দেশী মুছলমান বুলি কও। তেওঁলোকৰ চোতালত এতিয়াও তুলসী গছ আছে আৰু নিজকে মিয়া মুছলমান বুলি পৰিচয় দিয়া একাংশ প্ৰব্ৰজনকাৰী মুছলমান কৰিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|