দেশত কোৰোণাত দ্বিতীয় ঢৌৰ আগ্ৰাসী ৰূপ। আতংকিত দেশবাসী। বাঢ়িছে আক্ৰান্তৰ সংখ্যা। দিল্লীত প্ৰতিঘণ্টাত মৃত্যুবৰণ কৰিছে ১২জনকৈ কোৰোণাত আক্ৰান্ত ৰোগীয়ে। ক্ৰমান্বৰে দেশৰ বহু কেইখন ৰাজ্যত অধিক অৱনতি ঘটিছে পৰিস্থিতি। দেশত কোৰোণা পৰিস্থিতি অৱনতিৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।
'কোৰোণা পৰিস্থিতি অৱনতিৰ বাবে একমাত্ৰ দায়ী নিৰ্বাচন আয়োগ।'- আজি এই মন্তব্য কৰিছে মাদ্ৰাছ হাইকোৰ্টে। কেৱল ইমানেই নহয়, আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰিছিল মাদ্ৰাছ হাইকোৰ্টৰ প্ৰধান বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে।
লগতে নিৰ্বাচন আয়োগক সতৰ্ক কৰি মাদ্ৰাছ হাইকোৰ্টে জনাইছে যে, ভোট গণনাৰ দিনা কোৰোণা বিধি মানি চলিবলৈ কি ব্যৱস্থা হাতত লৈছে, সেই বিষয়ে ৩০ এপ্ৰিলৰ ভিতৰত আদালতক জনাব লাগিব কমিশ্যনে। অন্যথা ২ মে'ত ভোটগণনা আদালাতে বন্ধ কৰি দিব বুলি সতৰ্ক কৰি দিয়ে মাদ্ৰাছ হাইকোৰ্টে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|