ভাৰতসহ বিশ্বৰ কেইবাখনো দেশত জনপ্ৰিয় ছৰ্ট ভিডিঅ’ এপ টিক টকৰ পৰা উঠোৱা হ’ল নিষেধাজ্ঞা। আচলতে উচ্চতম ন্যায়ালয়ে টিক টক নিষেধাজ্ঞা কৰাৰ বিৰোধিতাৰে দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালক ২৪ এপ্ৰিললৈ নিষেধাজ্ঞাৰ আদেশত বিচাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে বুধবাৰে এই বিষয় সন্দৰ্ভত শুনানি গ্ৰহণ কৰি টিক টকত দিয়া নিষেধাজ্ঞা উঠাই দিয়া হ’ল। উচ্চতম ন্যায়ালয়ে দুদিনৰ সময়সীমা বান্ধি দিছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়ক। দুদিনত ৰায় নিদিলে পূৰ্বৰ ৰায় বাতিল কৰিব বুলি জনাইছিল উচ্চতম ন্যায়ালয়ে।
কি কাৰণে গুগল প্লে’ষ্টৰৰ পৰা নোহোৱা হ’ল টিকটকঃ
ইয়াৰ পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে টিক টক এপত নিষেধাজ্ঞাৰ আদেশ প্ৰদান কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে টিক টক এপৰ স্বত্বাধিকাৰী চীনা কোম্পানী বাইটডান্স(Bytedance) টেকনলজীয়ে উচ্চতম ন্যায়ালয়ৰ সহায় বিচাৰিছিল। উচ্চতম ন্যায়ালয়ে কোম্পানীটোৰ আবেদনত শুনানি গ্ৰহণ কৰি কৈছিল যে বৰ্তমান মাদ্ৰাছ উচ্চ ন্যায়ালয় এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আছে। এনেকুৱা অৱস্থাত নিষেধাজ্ঞা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়।
বিগত সপ্তাহত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এপটো নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ কাৰ্ষকৰী কৰিব লাগে বুলি গুগল আৰু এপললৈ পত্ৰ প্ৰেৰণ কৰিছিল ভাৰত চৰকাৰৰ পৰা। পত্ৰ পোৱাৰ পিছতেই গুগল কৰ্তৃপক্ষই ভাৰতত নিষিদ্ধ কৰিছিল জনপ্ৰিয় এপ টিক টক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|