সিন্ধিয়াৰ পদত্যাগৰ পিছতে কংগ্ৰেছৰ ২০ জন বিধায়কে পদত্যাগ কৰিলে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিচাহু লালো আছে। ২২৮ জন বিধায়ক থকা বিধানসভাত কংগ্ৰেছৰ আছে ১১৪ জন সহ অন্যান্য ৭ জন বিধায়ক। ফলত সৰ্বমুঠ কংগ্ৰেছৰ মিত্ৰজোঁটৰ পক্ষত আছে ১২১জন বিধায়ক। কিন্তু ২০ জন পদত্যাগ কৰা বিধায়কক বিধানসভাৰ মুঠ আসনৰ সংখ্যাৰ পৰা হ্ৰাস কৰে, তেন্তে মুঠ বিধায়কৰ সংখ্যা হৈ পৰিব ২০৮জন। ইয়াৰ ফলত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হ’ব ১০৫ জন বিধায়ক।
কোন দল আছে শক্তিশালী পৰ্যায়ত–
পদত্যাগ কৰা সকলক বাদ দিলে কংগ্ৰেছৰ সদস্য সংখ্যা ৯৪ জন। লগতে অন্যান্য দলৰ সাতজন লগ লাগিলে হ’বগৈ ১০১জন।
কিন্তু বিজেপিৰ নিজৰে আছে ১০৭ জন বিধায়ক। গতিকে এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে, সংখ্যাৰ ফালৰ পৰা মজবুত স্থিতিত আছে বিজেপি।