• Home
  • »
  • News
  • »
  • nation
  • »
  • MPত ৰাজনৈতিক সংকটঃ আজি কমলনাথ চৰকাৰৰ সন্মুখত আস্থাভোটৰ অগ্নিপৰীক্ষা

MPত ৰাজনৈতিক সংকটঃ আজি কমলনাথ চৰকাৰৰ সন্মুখত আস্থাভোটৰ অগ্নিপৰীক্ষা

নিশা পলমকৈ জাৰি কৰা কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া ২ বজাত আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব কমলনাথ চৰকাৰ। উচ্চতম ন্যায়ালয়ে আজি সন্ধিয়া ৫বজালৈ চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দিছে। 

  • Share this:
উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিছত মধ্যপ্ৰদেশত ৰাজনৈতিক খেল জমি উঠিছে। ৰাজনৈতিক গতি বিধি তুংগত উঠিছে। বিধানসভা সচিবালয়ে নিশা পলমকৈ কাৰ্যসূচী জাৰি কৰে। আজি সদনত কমলনাথ চৰকাৰৰ সন্মুখত আস্থাভোটৰ অগ্নিপৰীক্ষা। কংগ্ৰেছ আৰু বিজেপি উভয়ে নিজৰ সদস্যসকলৰ কাৰণে হুইপ জাৰি কৰিছে। নিৰ্ধাৰিত সময় মতে, আজি দিনৰ ২বজাত আস্থাভোট। মুখ্যমন্ত্ৰীয়ে তাৰ পূৰ্বে ১২বজাত সংবাদমেলৰো আয়োজন কৰিছে।

উল্লেখযোগ্য যে মধ্যপ্ৰদেশ বিধানসভাত মুঠ ২৩০খন আসন আছে। ইয়াৰে ২জন বিধায়কৰ মৃত্যুৰ কাৰণে দুইখন আসন খালী হৈ আছে। এইদৰে মুঠ ২২৮খন আসন আছে। ইয়াৰে ২২জন বিদ্ৰোহী কংগ্ৰেছী বিধায়কৰ পদত্যাগ অধ্যক্ষই মঞ্জুৰ কৰিছে। এতিয়া ২০৬জন বিধায়ক আছে। চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ২০৪জন বিধায়ক দেখুৱাব লাগিব। কিন্তু কংগ্ৰেছৰ ওচৰত এই সময়ত কেৱল ৯২জন বিধায়ক আছে। কমলনাথ চৰকাৰক সমৰ্থন জনোৱা সমাজবাদী পাৰ্টী, বহুজন সমাজবাদী পাৰ্টী আৰু নিৰ্দলীয় বিধায়কৰ মুঠ সংখ্যা ৭জন। এইসকলক লৈ বিধায়কৰ সংখ্যা ৯৯ হয়। অৰ্থাৎ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৫জন বিধায়ক কম। আনহাতে বিজেপিৰ ওচৰত ১০৭জন বিধায়ক আছে। অৱশ্যে তেওঁলোকে দাবী কেৱল ১০৬জন বিধায়কক লৈ কৰিছে। গেৰুৱা দলটোৱে নিজৰ বিধায়ক নাৰায়ণ ত্ৰিপাঠীৰ নাম সেই সূচীত অন্তৰ্ভুক্ত কৰা নাই। জুলাই মাহত ত্ৰিপাঠীয়ে কমলনাথ চৰকাৰৰ সপক্ষে ক্ৰছ ভোটিং কৰিছিল।

উচ্চতম ন্যায়ালয়ে আজি সন্ধিয়া ৫বজাৰ ভিতৰত কমলনাথ চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দিছিল।
Published by:Tulika Devi
First published: