মধ্য প্ৰদেশৰ পৰীক্ষা কেলেংকাৰীত জড়িত দুজন অসমীয়া; চিবিআইৰ জালত ভাস্কৰ মেধি আৰু মনোজ বৰা

২০১৭চনৰ সমগ্ৰ দেশ জোঁকাৰি যোৱা মধ্য প্ৰদেশৰ পৰীক্ষা কেলেংকাৰীৰে জড়িত হৈ আছে দুজন অসমৰ যুৱক।
২০১৭চনৰ সমগ্ৰ দেশ জোঁকাৰি যোৱা মধ্য প্ৰদেশৰ পৰীক্ষা কেলেংকাৰীৰে জড়িত হৈ আছে দুজন অসমৰ যুৱক।
- News18 Assam
- Last Updated: February 17, 2021, 6:06 PM IST
ভূপালৰ চিবিআই বিশেষ ন্যায়াধীশৰ আদালতত সংস্থাটোৱে দাখিল কৰা চার্জশ্বীটত অভিযুক্ত হিচাপে চিহ্নিত হৈছে মনোজ জ্যোতি বৰা আৰু ভাস্কৰ মেধিৰ নাম। অভিযুক্ত আন কেইজন হৈছে আশীষ মাছে, ৰাজেশ কুমাৰ, সন্দ্বীপ কুমাৰ, ধনী ৰাম, ৰাহুল কুমাৰ আৰু অনিশ কুমাৰ যাদৱ ।
২০১৭চনৰ এপ্ৰিল মাহত National Institute of Open School (NIOS)এ অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল। মধ্য প্ৰদেশৰ চেহুৰ, ৰতলাম আৰু উমৰিয়াৰ পৰীক্ষা কেন্দ্রত উৰিষ্যা আৰু পঞ্জাৱৰ প্ৰায় ১৭০০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াকৈ মাৰ্কশ্বীট লাভ কৰিছিল। তাৰ কাৰণে প্ৰতিজনে ৫০,০০০ টকা আদায় দিছিল।