• Home
  • »
  • News
  • »
  • nation
  • »
  • Vaccine: কোৰোণাৰ ভেকচিন ল'বলৈ নিদিয়ে! পত্নীৰ আধাৰ কাৰ্ড লৈ গছৰ ওপৰত উঠিল স্বামী

Vaccine: কোৰোণাৰ ভেকচিন ল'বলৈ নিদিয়ে! পত্নীৰ আধাৰ কাৰ্ড লৈ গছৰ ওপৰত উঠিল স্বামী

পত্নীক ভেকচিন ল'বলৈ নিদিয়ে। গতিকে মনে মনে পত্নীৰ আধাৰ কাৰ্ড লৈ গছৰ ওপৰত উঠিল গৈ স্বামী।

পত্নীক ভেকচিন ল'বলৈ নিদিয়ে। গতিকে মনে মনে পত্নীৰ আধাৰ কাৰ্ড লৈ গছৰ ওপৰত উঠিল গৈ স্বামী।

পত্নীক ভেকচিন ল'বলৈ নিদিয়ে। গতিকে মনে মনে পত্নীৰ আধাৰ কাৰ্ড লৈ গছৰ ওপৰত উঠিল গৈ স্বামী।

  • Share this:
ভেকচিনৰ ভয়ত গছৰ ওপৰত উঠিল এজন লোক। এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত। পত্নীয়ে যাতে ভেকচিন লবলৈ যাব নোৱাৰে, তাৰ বাবে মনে মনে পত্নীৰ আধাৰ কাৰ্ডখন লৈ গছৰ ওপৰত উঠিল ব্যক্তিজন। আনকি ভেকচিন দিবলৈ গাঁৱলৈ অহা স্বাস্থ্যকৰ্মী নোযোৱালৈকে গছৰ ওপৰতে উঠি থাকিল লোকজন।

কোভিড অতিমাৰীৰ সৈতে এতিয়া সকলোৱে যুদ্ধ কৰিছে। ইয়াৰ বাবে ভেকচিন লোৱাটো অতিকৈ জৰুৰী। দেশজুৰি চলি আছে কোৰোণাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। তৃতীয় ঢৌৰ পূৰ্বে কোৰোণাৰ ভেকচিন গ্ৰহণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে চিকিৎসকসকলে। কিন্তু ভেকচিন ল'বলৈ একাংশৰ এতিয়াও ভয়! এনে এক ঘটনাই দেখা গ'ল মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কালান গাঁৱত। গাওঁখনৰ বাসিন্দা কানোয়াৰ লাল নামৰ এজন লোকে ভেকচিন লোৱাৰ ভয়ত উঠিলগৈ গছত।

ভেকচিন দিবলৈ গাঁৱলৈ স্বাস্থ্যকৰ্মী অহাৰ খবৰ লাভ কৰিয়েই আতংকিত হৈ পৰে কানোয়াৰলাল। ভেকচিন লোৱা-নোলোৱাকলৈ পত্নীৰ সৈতে তৰ্কা-তৰ্কিতো লিপ্ত হয়। আৰু হঠাৎ পত্নীৰ আধাৰ কাৰ্ডখন লৈ গছৰ ওপৰত উঠে লোকজন। গাঁৱৰ অন্য লোকে বুজাইয়ো গছৰ পৰা নমাব নোৱাৰিলে লোকজনক। আনকি পত্নীয়ে আধাৰ কাৰ্ডখন বিচাৰি থাকিলে গঠৰ পৰা জপিয়াই দিয়াৰো ভয় দেখুৱায়। আৰু অৱশেষত তেওঁলোকক ভেকচিন নিদিয়াকৈয়ে উভতি যাবলৈ বাধ্য হয় স্বাস্থ্যকৰ্মীসকল।
Published by:Himangshu Bhuyan
First published: