মাস্ক নিপিন্ধাৰ কাৰণেই এগৰাকী মহিলাক গুৰুলা-গুৰুলকৈ পিটি লেবেজান কৰি পেলালে মহিলা আৰক্ষীয়ে। জীয়েকৰ সন্মুখতেই মহিলা আৰক্ষীৰ দলে নিৰ্মমভাৱে মাৰ-পিট কৰিলে মাকক। এই ঘটনা মধ্যপ্ৰদেশৰ সাগৰ এলেকাৰ।
কোৰোণা কাৰ্ফিউ চলি থকাৰ মাজতে মধ্যপ্ৰদেশত ঘটিল এই ঘটনা। ঘটনাৰ পিছতে ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
লেডী কনিষ্টবল অৰ্চনা ডিমহাই আৰক্ষীৰ দল এটাৰ সৈতে সাগৰ এলোকাত গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত সান্ধ্য আইন উলংঘাকাৰীৰ গতি বিধিত নজৰ ৰাখি আছিল। তেনে সময়তে ৰেখা অহিৰৱাৰ নামৰ মহিলাগৰাকীক মাস্ক নিপিন্ধাকৈ ওলোৱা বাবে যোৱাত বাধা দিয়ে। কিন্তু জীয়েকৰ সৈতে বজাৰলৈ গৈ থকা অৰ্চনাই উভতি ধৰাত দুয়োৰে মাজত তৰ্কা-তৰ্কি হয়।
লেডী কনিষ্টবলগৰাকীয়ে মহিলাগৰাকীক আৰক্ষীৰ গাড়ীত উঠাই নিয়াৰ চেষ্টা কৰে। কিন্তু কোনোপধ্যেই আৰক্ষীৰ গাড়ীত নুঠিল ৰেখা নামৰ মহিলা গৰাকী আৰু ফলত দুয়োৰে মাজত একপ্ৰকাৰ হতাহতি হয়। পিছত মহিলা আৰক্ষীগৰাকীয়ে ৰেখাক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ৰেখা আৰু তেওঁৰ জীয়েকে চিঞৰ-বাখৰ কৰাত ঠাইতে বহু লোক গোট খায়।
পিছত মহিলাগৰাকীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে লেডী কন্ষ্টবলগৰাকীয়ে । কিন্তু সমানে মহিলাগৰাকীক প্ৰহাৰ কৰা বাবে অৰ্চনাকো জবাবদিহি কৰিছে মধ্যপ্ৰদেশ আৰক্ষীৰ শীৰ্ষ বিষয়াই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|