ৰে’ল লাইনৰ সমীপত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৰ্মান্তিক মৃত্যু এজন যুৱকৰ। মধ্য প্ৰদেশৰ হোশাঙ্গাবাদ জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে পিছফালৰ পৰা এখন ৰে’ল আহি আছে। সেই সময়তে কেমেৰাৰ সন্মুখত প’জ দিয়াত ব্যস্ত হৈ পৰিছে এজন যুৱক। যেন কোনো ভয়–শংকা নাই। আৰক্ষীয়ে জনাইছে যে এজন বন্ধুক লৈ যুৱকজন গৈছিল শাৰাদ্দেভ বাবা অঞ্চললৈ।
সকলো পাহৰি দুঃসাহসিক ভিডিঅ’ বনোৱাত ব্যস্ত দুই বন্ধু। ৰে’লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ’ল। প’জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে’লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদি মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
ঘটনাটো সংঘটিত হয় সোমবাৰে বিয়লি। ষ্টাণ্ট ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰি চমক দিয়াই আছিল যুৱকজনৰ উদ্দেশ্য। কিন্তু ইয়াৰ পৰিণতি হ’লগৈ ভয়ংকৰ। ভিডিঅ’ ভাইৰেল হ’ল, কিন্তু মৃত্যুক সাবটি ল’লে যুৱকজনে। মৃত যুৱকজনৰ নাম সঞ্জু চৌৰে বুলি জনাইছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 23, 2021, 09:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।