এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাইছে মন্ত্ৰীজনক।
এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাইছে মন্ত্ৰীজনক।
মধ্য প্ৰদেশত বৰষুণৰ ফলত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন। বিশেষকৈ ভূপাল আৰু ইণ্ডোৰত বৰষুণৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে জনসাধাৰণে। মঙলবাৰে নিশা কেইবাস্থানতো কৃত্ৰিম বানৰ সৃষ্টি হোৱাত সৃষ্টি হয় তীব্ৰ যান–জঁটৰ। ঘণ্টা ঘণ্টা ধৰি যান–জঁটত আবদ্ধ হৈ থাকিবলগীয়া হয় বহু লোক। সেই সময়তে ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী জিতু পাটৱাৰীও আবদ্ধ হৈ পৰে যান–জঁটত। গাড়ীৰ পৰা নামি আহি মন্ত্ৰীগৰাকীয়ে নিজেই ব্যস্ত হৈ পৰিল যান–বাহন নিয়ন্ত্ৰণ কৰাত।
বহু সময় ধৰি যান–বাহন নিয়ন্ত্ৰণত ব্যস্ত থাকে মন্ত্ৰীজন। এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাইছে মন্ত্ৰীজনক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|