কাক এৰিব, কাক ধৰিব! একেখন মণ্ডপৰ তলত প্ৰেয়সী আৰু পৰিয়ালে চাই দিয়া যুৱতীকো পাতিলে বিয়া

একেখন মণ্ডপতে প্ৰেয়সী আৰু পৰিয়ালে চাই দিয়া যুৱতীক দিয়া পাতিলে যুৱকজনে। বিবাহস্থলীত উপস্থিত থাকে তিনিওটা পৰিয়ালৰ লোক।
একেখন মণ্ডপতে প্ৰেয়সী আৰু পৰিয়ালে চাই দিয়া যুৱতীক দিয়া পাতিলে যুৱকজনে। বিবাহস্থলীত উপস্থিত থাকে তিনিওটা পৰিয়ালৰ লোক।
- News18 Assam
- Last Updated: July 11, 2020, 11:35 AM IST
যুৱকজন নাম সন্দীপ, ঘৰ মধ্যপ্ৰদেশৰ বেটোলত। যোৱা ৮ জুলাইত প্ৰেয়সী আৰু ঘৰৰ পৰা চাই দিয়া যুৱতীৰ সৈতে জিলাখনৰ কেৰিয়া গাঁৱত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান জিলা প্ৰশাসনে বিয়াখনৰ সন্দৰ্ভত অনুসন্ধান চলাইছে।
সন্দীপে বিয়া কৰোৱা যুৱতী দুগৰাকীৰ ভিতৰত এগৰাকীৰ ঘৰ ৰাজ্যখনৰ হোচাংগাবাদ জিলাত আৰু আনগৰাকীৰ ঘৰ বেটোলৰে কোয়লাৰী গাঁৱত। যেতিয়া সন্দীপ ভূপালত পঢ়ি আছিল তেতিয়াই হোচাংগাবাদৰ যুৱতীগৰাকীৰ সৈতে চিনাকী হৈছিল। কিন্তু সেই কথা ঘৰত জনোৱা নাছিল যুৱকজনে।
আৰু লগে লগে বিষয়টো মিমাংসা কৰিবলৈ তিনিওটা পৰিয়াল কাষ চাপিল পঞ্চায়তৰ। আৰু শেষত দুয়োগৰাকী যুৱতীয়েই সন্দীপৰ লগত বিবাহপাশত আবদ্ধ হ’বলৈ সন্মতি প্ৰকাশ কৰে।