• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্য প্ৰদেশত কমলনাথৰ বিদায়, ফ্ল’ৰ টেষ্টৰ পূৰ্বেই পদত্যাগৰ সিদ্ধান্ত

মধ্য প্ৰদেশত কমলনাথৰ বিদায়, ফ্ল’ৰ টেষ্টৰ পূৰ্বেই পদত্যাগৰ সিদ্ধান্ত

পদত্যাগৰ ঘোষণাৰ পূৰ্বে কমলনাথে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে চৰকাৰ অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে।

পদত্যাগৰ ঘোষণাৰ পূৰ্বে কমলনাথে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে চৰকাৰ অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে।

পদত্যাগৰ ঘোষণাৰ পূৰ্বে কমলনাথে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে চৰকাৰ অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে।

  • Share this:
মধ্য প্ৰদেশত ১৭ দিনত পিছত আৱসান ঘটিল ৰাজনীতিক অস্থিৰতাৰ। ফ্ল’ৰ টেষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰী কমলনাথে সিদ্ধান্ত ল’লে পদত্যাগ কৰাৰ। পদত্যাগৰ ঘোষণাৰ পূৰ্বে কমলনাথে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে চৰকাৰ অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে। কমলনাথে কয় যে বিজেপিয়ে মনত ৰাখক যে সকলো সত্য পোহৰলৈ আহিব।

বিজেপিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি কমলনাথে কয় যে বিজেপিয়ে ২২ বিধায়কক বন্দী কৰিছে আৰু এই কথা দেশে কৈ আছে। কোটি কোটি টকা খৰচ কৰি খেল খেলা হৈছে। এক মহাৰাজ আৰু তেওঁৰ ২২ সহযোগীয়ে মিলি ষড়যন্ত্ৰ ৰচিছে। ইয়াৰ সত্যতা কিছু সময় পিছতে পোহৰলৈ আহিব।

মুখ্যমন্ত্ৰী কমল নাথে কয় যে আমি তিনিবাৰ বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিছো। বিজেপিৰ ফালৰ পৰা জনসাধাৰণক বিশ্বাসঘাতকতা কৰা হৈছে আৰু গণতান্ত্ৰিক মূল্যবোধক হত্যা কৰা হৈছে। জনতাই এই কথা কেতিয়াও ক্ষমা নকৰে। কমলনাথে কয় যে বিজেপিয়ে মোৰ কাৰ্যকালত আমাৰ কামৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, প্ৰথম দিনৰ পৰাই তেওঁলোকে আমাৰ চৰকাৰৰ পতন ঘটাব বিচাৰিছিল।
Published by:Sanjay Kumar Das
First published: