• Home
  • »
  • News
  • »
  • nation
  • »
  • বাহিৰত নৃত্য-গীতত মগ্ন দৰাঘৰীয়া। ৰভাতলীত বহি আছিল দৰা। বয়ফ্ৰেইণ্ডৰ সৈতে কেনেকৈ পলাই গ'ল কইনা? পলাই গৈও কৰিলে আজৱ কাণ্ড!

বাহিৰত নৃত্য-গীতত মগ্ন দৰাঘৰীয়া। ৰভাতলীত বহি আছিল দৰা। বয়ফ্ৰেইণ্ডৰ সৈতে কেনেকৈ পলাই গ'ল কইনা? পলাই গৈও কৰিলে আজৱ কাণ্ড!

representative image

representative image

মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ হস্তিনাপুৰত সংঘটিত হৈছে এই ঘটনা। পলাই গৈ গোৱালিয়ৰৰ এছপিৰ শৰণাপন্ন হ'ল কইনা।

  • Share this:
হোমৰ গুৰিলৈ অহাৰ ঠিক আগ মূহূৰ্তত বয়ফ্ৰেইণ্ডৰ সৈতে পলাই গ'ল কইনা। কিন্ত পলাই গৈয়েই ক্ষান্ত নাথাকি কইনাই কৰিলে আন এক আজৱ কাণ্ড। কিন্তু তাৰ আগতে ৰভাতলীত ঘটিছিল কি?

মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ হস্তিনাপুৰত সংঘটিত হৈছে এই ঘটনা। ২০ বছৰীয়া যুৱতী এগৰাকীৰ বিয়া আছিল শনিবাৰে। বিয়াৰ সকলো ৰীতি-নীতি সুকলমেই সমাপন হৈছিল। ৰভাতলীও ধুনীয়াকৈ সজোৱা হৈছিল। দৰা হোমৰ গুৰিত বহি জীৱনৰ আটাইতকৈ বিশেষ ক্ষণটোৰ আনন্দ লৈ আছিল। কিন্তু বিয়া ঘৰৰ বাহিৰত ৰৈ আছিল কইনাৰ প্ৰেমিক আৰু হোমৰ গুৰিত বহাৰ পৰিৱৰ্তে প্ৰেমিকৰ সৈতে পলাই গ'ল কইনা।

কইনা পলাল বুলি গম পোৱাৰ লগে লগে দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ হুৱা-দুৱা লাগিল। কইনাঘৰৰ লোক কইনাৰ প্ৰেমিকৰ ঘৰ গৈ ওলাল। কিন্তু প্ৰেমিক নাছিল ঘৰত। ঘৰৰ আনসকল লোকক গালি-গালাজ কৰি ঘূৰি আহিল।

কাহিনী ইমানতে শেষ নহ'ল। কইনাই কৰিলে আন এক আজৱ কাণ্ড। পলাই গৈ কইনা পালেগৈ আৰক্ষী থানা। লগত প্ৰেমিক। আৰক্ষী থানালৈ গৈ দুয়ো বিচাৰিলে নিৰাপত্তা।

গোৱালিয়ৰৰ আৰক্ষী অধীক্ষকক কইনাই ক'লে, "আমাক কেইদিনমানৰ কাৰণে জেলতেই ভৰাই থওক।" কইনাৰ মন্তব্য,, "ঘৰৰ লোকে পালে দুয়োকে মাৰি পেলাব।"

উল্লেখ্য, প্ৰেমিক-প্ৰেমিকা হালৰ প্ৰেম আছি বহুদিনীয়া। কিন্তু এঘৰেও সন্মতি দিয়া নাছিল দুয়োটাৰ প্ৰেমত। সেয়ে খৰ-খেদাকৈ কইনাৰ বিয়া পাতি উলিয়াই দিব বিচাৰিছিল পৰিয়ালৰ লোকে। পৰিণতিত প্ৰেমিকৰ সৈতে আৰক্ষীৰ শৰণত কইনা।

পাছত গোৱালিয়ৰৰ এছপিয়ে দুয়োকে মহিলা থানালৈ প্ৰেৰণ কৰি দুয়োটা পৰিয়ালৰ কাউন্সেলিং কৰাইছে।
Published by:Manjumoni Borah
First published: