• Home
  • »
  • News
  • »
  • nation
  • »
  • Amazon Ganja Selling Case: এমাজনৰ গাঞ্জা বিক্ৰী গোচৰ বিশেষ টাস্ক ফ'ৰ্চলৈ স্থানান্তৰ কৰিলে মধ্য প্ৰদেশ চৰকাৰে

Amazon Ganja Selling Case: এমাজনৰ গাঞ্জা বিক্ৰী গোচৰ বিশেষ টাস্ক ফ'ৰ্চলৈ স্থানান্তৰ কৰিলে মধ্য প্ৰদেশ চৰকাৰে

এমাজনৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিবলৈ আহ্বান CAITৰ

এমাজনৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিবলৈ আহ্বান CAITৰ

এমাজনৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিবলৈ আহ্বান CAITৰ

  • Share this:
এমাজন ই কমাৰ্চ প'ৰ্টেলৰ জৰিয়তে গাঞ্জা বিক্ৰী কৰা এটা ৰেকেট প্ৰায় ৬ মাহ আগতে মধ্য প্ৰদেশ আৰক্ষীয়ে ধৰা পেলাইছিল। এই গাঞ্জা সৰবৰাহকাৰী চক্ৰটোত এমাজনত কৰ্মৰত কৰ্মচাৰীও জড়িত আছিল। মধ্য প্ৰদেশ চৰকাৰে চলাই থকা এই বিষয়ক তদন্ত এতিয়া চৰকাৰখনে ২১-৩-২০২২ৰ নটিফিকেচন নং ৫১/২২ জাননী মৰ্মে বিশেষ টাস্ক ফ'ৰ্চক (STF) হস্তান্তৰ কৰিছে। এই বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰা কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT) চৰকাৰখনৰ এই পদক্ষেপক আদৰণি জনাইছে।

CAITৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতীয়া (B C Bhartia) আৰু মহাসচিব প্ৰবীণ খাণ্ডেলৱালে (Praveen Khandelwal) সাংসদ, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু সাংসদ গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰক উক্ত গোচৰ সম্পৰ্কীয় এজাহাৰত অভিযুক্ত হিচাপে নাম উল্লেখ কৰা এমাজনৰ (Amazon) বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে।



ভাৰতীয় আৰু খাণ্ডেলৱাল দুয়োজনে কয় যে তেওঁলোকৰ বিশ্বস্ত তথ্য অনুসৰি, উক্ত গোচৰটোৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে আৰু এতিয়া আইনখনে নিজৰ পথ লোৱাৰ সময়। সংস্থাটোৱে এমাজনে নীতি আৰু আইনক সম্পূৰ্ণৰূপে অমান্য কৰিছে আৰু ই-বাণিজ্য নিয়ম (commerce norms) আৰু পৰিশোধ সংগ্ৰহকাৰী হিচাপে RBIৰ নিৰ্দেশনা অনুসৰি বিক্ৰেতাৰ বাধ্যতামূলক KYC কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকে মুখ্যমন্ত্ৰী চৌহান আৰু গৃহমন্ত্ৰী ড০ মিশ্ৰ দুয়োকে এতিয়ালৈকে কৰা তদন্ত ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে।
Published by:Gautam Barman
First published: