এনে গোচৰ জামিনবিহীন আৰু আদালতৰ বিচাৰযোগ্য হ'ব
এনে গোচৰ জামিনবিহীন আৰু আদালতৰ বিচাৰযোগ্য হ'ব
‘লাভ জেহাদ’! বৰ্তমান সময়ত এক অন্যতম বিতৰ্কিত শব্দ। ‘লাভ জেহাদ’ৰ জৰিয়তে নিজৰ ধৰ্ম, প্ৰকৃত পৰিচয় গোপন কৰি যুৱতীক প্ৰেমৰ জালত পেলাই ধৰ্মান্তৰ কৰোৱা হয় বুলি বিভিন্ন অভিযোগ প্ৰায়ে শুনিবলৈ পোৱা যায়।
পিছে এইবাৰ লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে মধ্যপ্ৰদেশ চৰকাৰ। মধ্য প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টী শাসিত চৰকাৰখনে লাভ জেহাদৰ গোচৰত দোষী সাব্যস্ত হোৱা অপৰাধীক ৫ বছৰ পর্যন্ত কাৰাবাসৰ শাস্তি প্ৰদানৰ আইন প্ৰণয়ন কৰিবলৈ অগ্ৰসৰ হৈছে। ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই সংবাদ মাধ্যমৰ আগত জনাইছে এই কথা। মিশ্ৰই কোৱা মতে – ৰাজ্যখনৰ আগন্তুক বিধানসভা অধিৱেশনতে ‘Madhya Pradesh Freedom of Religion Bill 2020’ গৃহীত কৰা হ’ব।
নতুন আইনখনে ধৰ্মীয় ৰূপান্তৰৰ উদ্দেশ্যে পতা বিবাহ অবৈধ হিচাপে গ্ৰহণ কৰিব। আইনখন প্ৰণয়ন হ’লে ধৰ্ম পৰিৱৰ্তনৰ উদ্দেশ্যে চলে, বলে, কৌশলে বিবাহত বহিলে অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু তেনে কৰা লোকক গোচৰৰ মূল অভিযুক্ত হিচাপে ধৰা হ’ব। অৱশ্যে ভুক্তভোগী, ভুক্তভোগীৰ পিতৃ-মাতৃ নাইবা সহোদৰে অভিযোগ প্ৰদান কৰিলেহে গোচৰ ৰুজু হ’ব। এনে গোচৰ জামিনবিহীন আৰু আদালতৰ বিচাৰযোগ্য হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|