কোৰোণা মহামাৰীৰ বাবে জনজীৱন প্ৰভাৱিত হোৱাৰ সময়তে একাংশ লোকে এই সময়খিনিতে জীৱনজুৰি মনত থকা কিছু কাম কৰাৰ চেষ্টা কৰিছে। এনেধৰণৰ এক ঘটনা পোহৰলৈ আহিছে মধ্য প্ৰদেশৰ ছপোৰত।
এক দম্পতীয়ে নিজৰ নৱজাত শিশুটিৰ নাম ৰাখিল লকডাউন। বছেৰী গাঁৱৰ বাসিন্দা ৰঘুনাথ মালীৰ ২৪ বছৰীয়া পত্নীয়ে মঞ্জুৱে সোমবাৰে হাস্পতালত এটি সন্তান জন্ম দিয়ে। লকডাউনৰ সময়ত জন্ম হোৱা বাবে নিজৰ সন্তানৰ নাম পিতৃ–মাতৃয়ে ৰাখিলে লকডাউন।
হাস্পতালত এনেকুৱা হৈছিল যে যিয়ে নৱজাতকটিক চাবলৈ আহিছিল সিয়ে শিশুটিক লকডাউন নামেৰে মাতিছিল। নিজৰ সন্তানৰ নাম লকডাউন ৰখা দম্পতীহালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লকডাউনৰ আহ্বান সকলোকে পালন কৰিবলৈ আনুৰোধ জনায়।