বিয়াৰ তিনি দিনৰ পিছতে ন–বোৱাৰী কোৰোণা পজিটিভ, দৰাসহ ৩২জনক কোৱাৰানটাইন

News18 Assam | News18-Assam
Updated:May 21, 2020, 8:55 PM IST
বিয়াৰ তিনি দিনৰ পিছতে ন–বোৱাৰী কোৰোণা পজিটিভ, দৰাসহ ৩২জনক কোৱাৰানটাইন
ফাইল ফটো

মধ্যপ্ৰদেশৰ ভূপালৰ ঘটনা।

  • Share this:
কোৰোণাক প্ৰতিহত কৰিবলৈ কেন্দ্ৰই জাৰি কৰা লকডাউনৰ সময়তো সৰ্তকতা অৱলম্বন কৰি দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিয়া। কোনোখন বিয়াত দৰা-কইনাই মাস্ক পিন্ধি অথবা কোনোখন বিয়াত দৰা-কইনাই সামাজিক দূৰত্ব পালন কৰি সমাপন কৰিছে বিয়াৰ সকলো কাৰ্যসূচী। এনেকৈ দেশৰ ভিন্ন প্ৰান্তত বিয়াসমূহ সুকলমেই সমাপন হৈ আহিছিল, কিন্তু বৃহস্পতিবাৰে আহিল অন্য এটা খবৰহ।

মধ্য প্ৰদেশৰ ভূপালত অলপতে সম্পন্ন হৈছিল এখন বিয়া। সকলো ঠিকে-ঠাকেই হৈ গ’ল। কিন্তু কইনা আহি দৰাৰ ঘৰত ৩ দিন কটোৱাৰ পিছতহে আহিল এটা বেয়া খবৰ। স্বাস্থ্য বিভাগৰ প্ৰতিনিধিয়ে খবৰটো দিলে যে, ন কইনাৰ কোৰোণাৰ ৰিজাল্ট পজিটিভ।

লগে লগে হাহাকাৰ লাগিল, দৰাৰ ঘৰৰ লগতে বিয়ালৈ অহা ৩২ গৰাকী আত্মীয়ৰ মাজত ৷ কোৱাৰাইনটাইন কৰা হ’ল দৰা সহ বিয়া খাবলৈ অহা ৩২গৰাকীকৈ লোকক। স্বাস্থ্যবিভাগে সদৰি কৰিছে যে, তেওঁলোকে পৰিয়ালৰ লগতে বিয়াত উপস্থিত থকা সকলোৰে স্বাস্থ্যৰ নমুনা সংগ্ৰহ কৰিছে। সোমবাৰে বিবাহ পাশত আৱদ্ধ হোৱা যুৱতীগৰাকীৰ প্ৰায় ৭দিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল। ঔষধ খোৱাৰ পাছত জ্বৰ নাইকিয়া হোৱাত বিয়াত বহিছিল যুৱতীগৰাকী। বৰ্তমান দৰাৰ সৈতে ৩২ গৰাকী কোৱাৰানটাইনত আৰু কইনা চিকিৎসালয়ত। দুই এদিনতে দৰাসহ ৩২গৰাকীৰো কোৰোনা ৰিজাল্ট দিব স্বাস্থ্য বিভাগে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading