তেওঁ জনায়, এটা সময়ত তেওঁ চাকৰি কৰিছিল। কিন্তু তাত বেতন মিয়মীয়া নাছিল। তিনি চাৰি মাহৰ পিছত হয়তো এসপ্তাহৰ বেতন পাইছিল। তেওঁ জনায়, এটা সময়ত তেওঁ চাকৰি কৰিছিল। কিন্তু তাত বেতন মিয়মীয়া নাছিল। তিনি চাৰি মাহৰ পিছত হয়তো এসপ্তাহৰ বেতন পাইছিল।
বৰ্তমান সময়ত দোকান বা যিকোনো স্থানত কিউআৰ কোডসহ ডিজিটেল পেমেণ্টৰ কথা নতুন বা দুষ্প্ৰাপ্য নহয়। সকলো লোকেই ডিজিটেল পেমেণ্টৰ কথা জানে। নগদ ধন দিয়াতকৈ ডিজিটেল পেমেণ্ট কৰি ভাল পায় বহুতে। কিন্তু এতিয়া ভিক্ষাৰীৰ হাততো দেখা গৈছে ডিজিটেল পেমেণ্টৰ সুবিধা (Beggar with QR Code)।
মধ্য প্ৰদেশৰ ছিন্দৱাৰাত দেখা গৈছে তেনে এজন ভিক্ষাৰী। তেওঁ ছিন্দৱাৰাৰ পথত ভিক্ষা মাগি ফুৰে। ডিঙিত আঁৰি লয় কিউআৰ কোড। কোনোৱে দিব বিচাৰিলে ভিক্ষাৰী মহেন্দ্ৰ সূৰ্যবংশীয়ে কোড দেখুৱাই দিয়ে স্কেন কৰাৰ বাবে।
তেওঁ জনায়, এটা সময়ত তেওঁ চাকৰি কৰিছিল। কিন্তু তাত বেতন মিয়মীয়া নাছিল। তিনি চাৰি মাহৰ পিছত হয়তো এসপ্তাহৰ বেতন পাইছিল। ফলত জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰিছিল। তাৰ পিছতে তেওঁ ভিক্ষাবৃত্তি বাচি লয়। কিন্তু তাতো বিপত্তি! বহু লোকে ভিক্ষা নিদিয়ে খুচুৰাৰ অভাৱৰ অজুহাতত। তাৰ পিছতে এই কিউ আৰ কোডৰ ব্যৱস্থা।
স্থানীয় সাধনা সমবায় বেংকত একাউণ্ট আছে সূৰ্যবংশীৰ। কিন্তু কিমান টকা তেওঁ উপাৰ্জন কৰে সেই বিষয়ে স্পষ্টকৈ নকয়। তেওঁ কয়, ‘‘আমি যেতিয়া মন্দিৰলৈ যাওঁ তেতিয়া ভাবো নেকি কিমান প্ৰসাদ পাম? এই সকলো নিৰ্ভৰ কৰে দাতাৰ বদান্যতাৰ ওপৰত।’’
Published by: Sanjay Kumar Das
First published: February 22, 2022, 09:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|