মধ্যপ্ৰদেশত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে আজিৰ পৰা আৰম্ভ হৈছিল বাজেট অধিৱেশন
মধ্য প্ৰদেশত বিগত এসপ্তাহ ধৰি অব্যাহত থকা ৰাজনৈতিক ঘটনাক্ৰমৰ মাজতে আজিৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন অহা ২৬ মাৰ্চলৈকে স্থগিত কৰা হৈছে। তীব্ৰ হুলস্থুলৰ মাজত ৰাজ্যপালে মাত্ৰ ১ মিনিটতে সামৰে নিজৰ ভাষণ। ৰাজ্যপালে নিজৰ ভাষণত কয় যে,–যাৰ যি দায়িত্ব সেয়া ভালদৰে পালন কৰক। সকলোৱে সংবিধানৰ সন্মান জনাই, পৰম্পৰা ৰক্ষা কৰক।
ৰাজ্যপালৰ ভাষণ সমাপ্ত হোৱাৰ পিছতে বিজেপি বিধায়কসকলে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আনকি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি শাসক–বিৰোধীৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হয়। সদনৰ পৰিৱেশ দেখি অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। কিন্তু পিছত আকৌ অনুৰূপ পৰিবেশ হোৱাত অধ্যক্ষ এন পি প্ৰজাপতিয়ে ২৬ মাৰ্চ লৈকে সদন স্থগিত ঘোষণা কৰি সদন ত্যাগ কৰে।
হুলস্থুলীয়া পৰিৱেশৰ মাজতে সদনত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী কমল নাথ, প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান বিধানসভাত প্ৰৱেশ কৰে। এখন হোটেলত ৰখা কংগ্ৰেছৰ বিধায়কসকলক কটকটীয়া নিৰাপত্তাৰ মাজত দুখন গাড়ীৰে বিধানসভালৈ অনা হয়।
উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ ফালৰ পৰা চৰকাৰ বচোৱা আৰু বিজেপিৰ ফালৰ পৰা চৰকাৰ ভংগ কৰাৰ কচৰৎ তুংগত উঠিছিল। কংগ্ৰেছত বিদ্ৰোহৰ পিছত এতিয়া বিজেপিয়ে ফ্ল’ৰ টেষ্টৰ দাবী তুলিছে যদিও বিধানসভাৰ কাৰ্যসূচীত সেয়া অন্তৰ্ভুক্ত কৰা নাছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|