মধ্য প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে আমাজনৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সতৰ্কবাণী দিছে যদিহে তেওঁলোকে ই-কমাৰ্চ ৱেবছাইটটোৰ জৰিয়তে ড্ৰাগছ বিক্ৰী সম্পৰ্কীয় গোচৰটোত সহযোগিতা নকৰে।
"এইটো এটা অতি গুৰুতৰ বিষয় যে আমাজনক গাঞ্জা (ড্ৰাগছ) সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হৈছে। আমি কোম্পানীৰ বিষয়াসকলক মাতিছিলো কিন্তু তেওঁলোকে সহযোগিতা কৰা নাই। যদি তেওঁলোকে সহযোগিতা নকৰে, আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিম আৰু আমি এনে কাৰ্যকলাপ কৰিবলৈ অনুমতি নিদিওঁ। সেয়েহে, আমি কোম্পানীৰ বিষয়াসকলক তদন্তত সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো নতুবা আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম," ৰাজ্যৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কয়।
যোৱা সপ্তাহত, ভিন্দ পুলিচে ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলক কৰায়ত্ব কৰিছিল যিটো গোটো বিশাখাপট্টনমৰ পৰা আমাজনৰ জৰিয়তে গাঞ্জা সৰবৰাহ কৰি নগদ ধনেৰে পৰিশোধ কৰাৰ কাৰ্যত লিপ্ত আছিল।
মিশ্ৰাই কৈছিল যে আমাজনৰ সৈতে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰা এটা কোম্পানীয়ে ১২ টা ঠাইত গাঞ্জা যোগান ধৰিছিল। "যদি আমাজনৰ বিষয়াসকল দোষী সাব্যস্ত হয়, আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।" তেওঁ লগতে কয় যে, বিশাখাপট্টনমৰ পৰা গাঞ্জা সৰবৰাহৰ গোচৰটোত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মিশ্ৰাই কয়, গাঞ্জা পেক কৰি ষ্টেভিয়া পাত হিচাপে পাৰ হৈ গৈছিল। "অনলাইন শ্বপিং ছাইটসম্পৰ্কে কোনো নিয়ম আৰু নিৰ্দেশনা নাই। এনেকৈ আনকি ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰও যোগান ধৰিব পাৰিব।"
মিশ্ৰাই কৈছিল যে মধ্য প্ৰদেশ চৰকাৰে অনলাইন শ্বপিং ছাইটসমূহৰ বাবে নিয়ম নিৰ্ধাৰণ কৰিব যাতে প্লেটফৰ্মবোৰৰ অপব্যৱহাৰ কৰিব নোৱাৰি।
আমাজনৰ অধিবক্তা সুমন্ত নাৰাঙে এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে বিষয়টোৰ তদন্ত চলি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|