দেশৰ সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱট (General Bipin Rawat)ৰ সৈতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে আন ১১ জনৰ লগতে বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱটে (Bipin Rawat's Wife Madhulika Rawat)ও। গন্তব্য স্থানৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ নিলগত নীলগিৰিৰ সেউজীয়াৰ মাজত জীৱন নাট সামৰিলে বিপিন ৰাৱটৰ লগতে মধুলিকা ৰাৱটেও। এই হৃদয় বিদাৰক মৃত্যুৰ পিছত বিপিন ৰাৱটৰ সমানে সমানে মধুলিকা ৰাৱটক লৈও কৌতুহল জাগিছে সকলোৰে।
টীফ অৱ ডিফেন্স ষ্টাফ ( Chief Of Defense Staff) বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱট হৈছে মধ্য প্ৰদেশৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী মৃগেন্দ্ৰ সিঙৰ কন্যা। ১৯৬৩ চনত মধ্য প্ৰদেশৰ ছাহদোল জিলাত জন্ম হৈছিল মধুলিকাৰ। বিপিন ৰাৱটৰ পত্নী হিচাপে মধুলিকা আছিল আৰ্মী ৱাইভছ ৱেলফেয়াৰ এছোচিয়েচনৰ (Army Wives Welfare Association)ৰ সভানেত্ৰী। এই সংস্থাটোৱে দেশৰ সেনা জোৱানৰ বিধবা পত্নীসকলৰ (Army Widow) কল্যাণৰ কাৰণে কাম কৰে।
মধুলিকা ৰাৱট গোৱালিয়ৰৰ বিখ্যাত ছিন্দিয়া কন্যা বিদ্যালয়ৰ ছাত্ৰী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ৰ স্নাতক। AWWAৰ লগতে বিভিন্ন সমাজসেৱা মূলক কামতো জড়িত হৈ থাকিছিল মধুলিকা। মধুলিকাই বীৰ নাৰীসকলৰ আৰ্থিক স্বাৱলম্বনৰ বাবে বিভিন্ন সংস্থাপনমূলক কাম কৰিছিল। লগতে বিধবা নাৰীসকলৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰতিও বিশেষ গুৰুত্ব দিছিল মধুলিকাই।
জেনেৰেল বিপিন ৰাৱট আৰু মধুলিকা ৰাৱটৰ দুটি কন্যা সন্তান আছে। তেওঁলোকৰ নাম কৃতিকা আৰু তাৰিনি।
Published by: Manjumoni Borah
FIRST PUBLISHED : December 08, 2021, 21:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।