உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Independence Day 2021 : স্বাধীনতা দিৱসত ভাৰতৰ এখন দেশপ্ৰেমিক গাঁৱৰ কথা, যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ সদস্যই যুঁজ দিছে ভাৰতৰ হৈ

    Independence Day 2021 : স্বাধীনতা দিৱসত ভাৰতৰ এখন দেশপ্ৰেমিক গাঁৱৰ কথা, যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ সদস্যই যুঁজ দিছে ভাৰতৰ হৈ

    প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ, ১৯৬১ৰ ভাৰত-চীন যুদ্ধ,১৯৬৫ৰ ভাৰত-পাক যুদ্ধ, ১৯৭১ৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ৰ ভাৰত-কাৰগিল যুদ্ধ প্ৰতিখন যুদ্ধতেই এইখন গাঁৱৰ যুৱকে ভাৰতৰ বাবে বলিদান আগবঢ়াইছে।

    প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ, ১৯৬১ৰ ভাৰত-চীন যুদ্ধ,১৯৬৫ৰ ভাৰত-পাক যুদ্ধ, ১৯৭১ৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ৰ ভাৰত-কাৰগিল যুদ্ধ প্ৰতিখন যুদ্ধতেই এইখন গাঁৱৰ যুৱকে ভাৰতৰ বাবে বলিদান আগবঢ়াইছে।

    প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ, ১৯৬১ৰ ভাৰত-চীন যুদ্ধ,১৯৬৫ৰ ভাৰত-পাক যুদ্ধ, ১৯৭১ৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ৰ ভাৰত-কাৰগিল যুদ্ধ প্ৰতিখন যুদ্ধতেই এইখন গাঁৱৰ যুৱকে ভাৰতৰ বাবে বলিদান আগবঢ়াইছে।

    • Share this:
    আজি ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021 )। অলেখ-অযুত মুক্তিযুঁজাৰুৰ ত্যাগৰ বিনিময়ত আজিৰ পৰা ৭৫বছৰ পূৰ্বে ভাৰতে লাভ কৰিছিল স্বাধীনতা। স্বাধীনতাৰ পিছতো ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে ভাৰতীয় সেনাৰ বহু বীৰ জোৱানে হাঁহি হাঁহি দেশৰ বাবে প্ৰাণ উছৰ্গা কৰিছে। সেয়া লাগিলে চীনৰ সৈতে হোৱা যুঁদ্ধতেই হঁওক অথবা চিৰবৈৰী পাকিস্তানৰ সৈতে হোৱা যুঁজ অথবা ভাৰতৰ অখণ্ডতাক বিনষ্ট কৰিব বিচৰা বিভিন্ন সন্ত্ৰাসবাদী শক্তিৰ সৈতে হোৱা সমুখ-সমৰ।

    আজি আমি উল্লেখ কৰিব বিচাৰোঁ এখন গাঁৱৰ কথা, যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰে অন্তত এজন সদস্যই ভাৰতীয় সেনাত ভৰ্তি হৈ দেশৰ বাবে সেৱা আগবঢ়াই আহিছে। ভাৰতৰ হৈ যুঁজি এইখন গাঁৱৰ বহু জোৱান শ্বহীদ হৈছে। সেইখন গাঁও হৈছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী নদীৰ পাৰৰ মাধৱৰাম গাঁও (Madhavram Gaon)।

    এইখন গাঁৱৰ প্ৰতিটো শিশুৰে লক্ষ্য ভাৰতীয় সেনাত ভৰ্তি হোৱা। এইখন গাঁৱৰ প্ৰতিটো শিশুৱে পাঠ্যক্ৰমৰ কবিতাৰ সলনি প্ৰথম মুখস্থ কৰে দেশভক্তিমূলক গীতৰ। গাঁৱৰ প্ৰতিটো সৰু-বৰ পথতে বছৰৰ প্ৰতিটো মুহুৰ্ততে সগৌৰৱে উৰি থাকে ত্ৰিৰংগা পতাকা। এইখন গাঁৱক বৰ্তমান ভাৰতীয় সেনা গাঁও (Indian Army Village) নামেৰেও জনা যায়।

    প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ, ১৯৬১ৰ ভাৰত-চীন যুদ্ধ,১৯৬৫ৰ ভাৰত-পাক যুদ্ধ, ১৯৭১ৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ৰ ভাৰত-কাৰগিল যুদ্ধ প্ৰতিখন যুদ্ধতেই এইখন গাঁৱৰ যুৱকে ভাৰতৰ বাবে বলিদান আগবঢ়াইছে। যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক সুঁৱৰি গাঁৱৰ ৰাইজে গাঁওখনৰ সো-মাজত নিৰ্মাণ কৰিছে এক বিশাল স্মৃতি সৌধ। প্ৰায় ৭হাজাৰ লোকে বাস কৰা এইখন গাঁৱৰ ৫০০জন বৰ্তমান ভাৰতীয় সেনাত, ২০০জন ভাৰতীয় বায়ু সেনাত আৰু ১৫জন ভাৰতীয় নৌ সেনাত কৰ্মৰত।

    প্ৰকৃতাৰ্থত ১৭শ শতিকাৰে পৰা এই গাঁওখনৰ আছে গৌৰৱময় ইতিহাস। ১৭ শতিকাত গজপতি সাম্ৰাজ্যৰ ৰজাই এইখন গাঁৱত সৈন্যৰ শিবিৰ পাতিছিল। সাম্ৰাজ্যৰ সুৰক্ষাৰ বাবে পূব আৰু দক্ষিণ প্ৰান্তৰ সেনানীক অনা হৈছিল মাধৱৰাম গাঁৱলৈ। তেঁওলোকৰে উত্তৰাধিকাৰী সকল বৰ্তমান মাধৱৰাম গাঁৱৰ বাসিন্দা। সেয়ে পূৰ্বপূৰুষৰ ৰক্ত এইখন গাঁৱৰ প্ৰতিজন যুৱকৰ দেহত বিৰাজমান। যুঁজাৰ মানসিকতা লৈ জন্ম গ্ৰহণ কৰা এইখন গাঁৱৰ প্ৰতিটো পৰিয়ালে ঘৰৰ দেৱালত আঁৰি থয় ভাৰতীয় সেনাই তেঁওলোকৰ পৰিয়ালৰ সদস্যক প্ৰদান কৰা সাহসিকতাৰ পদক। দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰা এইখন গাঁৱৰ প্ৰতিটো পৰিয়ালক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত নিউজ১৮ অসমৰ তৰফৰ পৰা চেল্যুট।
    Published by:Manjumoni Borah
    First published: