মুখ্যপৃষ্ঠা »খবৰ »দেশ »দেশত নিৰ্মিত ৱেব ব্ৰাউজাৰ JioPages এতিয়া অসমীয়া, পাঞ্জাৱী আৰু ওড়িয়া ভাষাত উপলব্ধ

দেশত নিৰ্মিত ৱেব ব্ৰাউজাৰ JioPages এতিয়া অসমীয়া, পাঞ্জাৱী আৰু ওড়িয়া ভাষাত উপলব্ধ

ইতিমধ্যে সাতটা আঞ্চলিক ভাষাত এই ৱেব ব্ৰাউজাৰ আছে আৰু শেহতীয়া অন্তৰ্ভুক্তিয়ে ইয়াৰ সেৱা অধিক মানুহৰ কাষলৈ লৈ যোৱাৰ আশা কৰা হৈছে।

ইতিমধ্যে সাতটা আঞ্চলিক ভাষাত এই ৱেব ব্ৰাউজাৰ আছে আৰু শেহতীয়া অন্তৰ্ভুক্তিয়ে ইয়াৰ সেৱা অধিক মানুহৰ কাষলৈ লৈ যোৱাৰ আশা কৰা হৈছে।

  • Share this:
দেশত নিৰ্মিত প্ৰথমটো ৱেব ব্ৰাউজাৰ, JioPages–এ এক নিৰাপদ, দ্ৰুত আৰু অবিৰত অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে তিনিটা নতুন ভাষাত– অসমীয়া, পাঞ্জাৱী আৰু ওড়িয়া।  ইয়াৰ পূৰ্বে সাতটা আঞ্চলিক ভাষাত উপলব্ধ  এই ৱেব ব্ৰাউজাৰে শেহতীয়া অন্তৰ্ভুক্তিৰ জৰিয়তে অধিক সংখ্যক লোকক সামৰি লোৱাৰ আশা কৰা হৈছে। ইয়াৰ পূৰ্বে ব্যৱহাৰকাৰীয়ে হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, মালায়লম, কানাড়া আৰু বেংগলী ভাষাত এই ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰিছিল।

এই ভাৰতীয় সত্বাৰে নিৰ্মিত ৱেব ব্ৰাউজাৰে নিজৰ পচন্দৰ আঞ্চলিক ভাষাত ব্ৰাউজ কৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ লগতে আঞ্চলিক ছাইটসমূহ হোম স্ক্ৰীণত পিন কৰাৰ লগতে নিউজ আপডেটসমূহ পাব পাৰিব। এই মেড ইন ইণ্ডিয়া ব্ৰাউজাৰে আঞ্চলিক নিউজ কনটেণ্ট কিউৰেট কৰাৰ সুবিধা, এক স্মাৰ্ট ডাউনলোড মেনেজাৰ, ইনকগনিট’ ব্ৰাউজিং, এনক্ৰিপ্টেড কানেকচন আৰু বহুতো সুবিধা প্ৰদান কৰিব।

JioPages–ত এটা QR code scanner, এক voice searcৰ সুবিধা প্ৰদান কৰা হৈছে যাতে আপোনাৰ ইণ্টাৰনেট ব্ৰাউজিঙৰ অভিজ্ঞতা seamless হয়।

ইয়াত দুটা উপায়েৰে ডাৰ্ক মোড অপচন চিলেক্ট কৰাৰো সুবিধা আছে।

JioPagesৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে সহজে কনটেণ্ট মেনেজ কৰাৰ সুবিধা লাভ কৰে। এই ব্ৰাউজাৰে ডাউনলোডেড ফাইলসমূহ–Image, Video, Document, Pagesত অট’ কেটেগৰাইজেশ্যনৰ সুবিধা প্ৰদান কৰে। ব্যৱহাৰকাৰীয়ে QR codes স্কেন কৰি ৱেবছাইটসমূহ উলিওৱাৰ লগতে নিজৰ ডিভাইচৰ মাইক বুটাম টিপি অলপ ডাঙৰকৈ কৈও ছাইট উলিয়াব পাৰে।

ব্ৰাউজাৰৰ আকৰ্ষণীয় লেণ্ডস্কেপ ভিউয়ে ভিডিও চোৱা আৰু গেম খেলাৰ অভিজ্ঞতাও সুখকৰ কৰি তোলে। লগতে ব্ৰাউজিঙৰ সময়ত যদি এড অহাক লৈ আপুনি ভাগৰি পৰিছে তেনেহ’লে JioPages–ত আপোনাৰ কাৰণে 'Ad Blocker Plus' সুবিধাও আছে যিয়ে এড ব্লক কৰি পপ আপসমূহ অহাও বন্ধ কৰে।

Disclaimer:Reliance Industries Ltd. is the sole beneficiary of Independent Media Trust which controls Network18 Media & Investments Ltd.

শেহতীয়া বাতৰি