সুষমা স্বৰাজৰ স্বামীয়ে যেতিয়া কৈছিল–ধন্যবাদ আৰু নিৰ্বাচন খেলিব নালাগে!

মেডাম এই যে আপুনি আৰু নিৰ্বাচনত নুঠাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই এতিয়া আৰু ১৯বছৰীয়া চফল ডেকা হৈ থকা নাই। অনুগ্ৰহ কৰি হ’ব নে কি? মই ফোঁপাই গৈছো, ধন্যবাদ!  মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল আৰু সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশলে এনেদৰে কৈছিল বিজেপি নেত্ৰীগৰাকীক। 

news18assam
Updated:May 30, 2019, 4:21 PM IST
সুষমা স্বৰাজৰ স্বামীয়ে যেতিয়া কৈছিল–ধন্যবাদ আৰু নিৰ্বাচন খেলিব নালাগে!
মেডাম এই যে আপুনি আৰু নিৰ্বাচনত নুঠাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই এতিয়া আৰু ১৯বছৰীয়া চফল ডেকা হৈ থকা নাই। অনুগ্ৰহ কৰি হ’ব নে কি? মই ফোঁপাই গৈছো, ধন্যবাদ!  মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল আৰু সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশলে এনেদৰে কৈছিল বিজেপি নেত্ৰীগৰাকীক। 
news18assam
Updated: May 30, 2019, 4:21 PM IST
মোদী চৰকাৰৰ বৈদেশিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা সুষমা স্বৰাজে মোদী কেবিনেট ২.০ তো নিজৰ স্থান অৰ্জন কৰিছে। সুষমা স্বৰাজ এই পৰ্যন্ত ৬বাৰ সাংসদ, তিনিবাৰ বিধায়ক আৰু পঞ্চদশ লোকসভাত ২০০৯–২০১৪লৈ ৰাজ্যসভাত বিৰোধী নেতাৰূপে দায়িত্ব পালন কৰিছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰীও আছিল। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে তেওঁ সক্ৰিয়ভাৱে প্ৰচাৰ কৰিছিল। ১৯৭৭চনৰ জুলাই মাহত তেওঁক চৌধুৰী দেৱীলালৰ কেবিনেটত কেবিনেট মন্ত্ৰীৰূপে দায়িত্ব অৰ্পণ কৰা হৈছিল।

স্বামীয়ে কৈছিল–কৃতজ্ঞ এতিয়া আৰু আপুনি নিৰ্বাচনত নুঠে!

সুষমা স্বৰাজৰ স্বামী তথা মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশল টুইটাৰত যথেষ্ট সক্ৰিয় আৰু মুকলিকৈ নিজৰ মত প্ৰকাশ কৰি আহিছে। সুষমা স্বৰাজে নিৰ্বাচন নেখেলাৰ কথা কওঁতে স্বৰাজ কৌশলে কৈছিল–
মেডাম এই যে আপুনি আৰু নিৰ্বাচনত নুঠাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ মনত পৰিছে এনেকুৱা সময়ৰ কথা যেতিয়া স্বয়ং মিলখা সিঙে দৌৰিবলৈ বাদ দিছিল। আপুনি এই মাৰাথন ১৯৭৭চনৰ পৰা দৌৰি আছে, অৰ্থাৎ বিগত ৪১বছৰে আপুনি ১১বাৰ নিৰ্বাচন খেলিছে। ১৯৭৭চনৰ পৰা যিমান সংখ্যক নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰায়  আটাইবোৰত আপুনি প্ৰতিদ্বন্দ্বীতা কৰিছে। ইয়াৰে ১৯৯১চন আৰু ২০০৪চনৰ বাহিৰে যেতিয়া দলে আপোনাক যুঁজিবলৈ কোৱা নাছিল। আপুনি যিমান দৌৰিছে মইও আপোনাৰ পিছত সিমানেই দৌৰিছো। মই আৰু এতিয়া ১৯বছৰীয়া চফল ডেকা হৈ থকা নাই। মই ফোঁপাই গৈছো, ধন্যবাদ আৰু বাদ দিয়ক!


উল্লেখযোগ্য যে সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।

এনেকৈ আহিছিল ৰাজনীতিলৈ

সুষমা স্বৰাজে নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভনি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা কৰিছিল। তেওঁ ছাত্ৰাৱস্থাৰ পৰাই এগৰাকী সুবক্তাৰূপে সমাদৃত। ১৯৭৭চনত তেওঁ ২৫বছৰ বয়সত ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰে আৰু ২৭বছৰ বয়সত হাৰিয়ানাত বিজেপিৰ মুখপাত্ৰ হয়।

সুষমা স্বৰাজেই বিজেপিৰ একমাত্ৰ নেতা যিয়ে উত্তৰ আৰু দক্ষিণ ভাৰত দুই ঠাইৰ পৰা নিৰ্বাচন খেলিছে। তেওঁ দেশৰ সংসদৰ একমাত্ৰ মহিলা সদস্যা যিয়ে অসাধাৰণ সাংসদৰ বঁটা লাভ কৰিছে।

সুষমা স্বৰাজৰ জন্ম হাৰিয়ানাৰ আম্বালা কেণ্টত ১৯৫৩চনৰ ১৪ ফেব্ৰুৱাৰীত হৈছিল। তেওঁৰ পিতৃ আৰএছএছৰ প্ৰমুখ সদস্য আছিল। আম্বালা কেণ্টৰ এছএছডি কলেজৰ পৰা বিএ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চণ্ডীগঢ়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৭৩চনত তেওঁ উচ্চতম ন্যায়ালয়ত অনুশীলন আৰম্ভ কৰে।

১৯৯০চনত প্ৰথমবাৰ সাংসদ হয়

১৯৯০ চনত সুষমা স্বৰাজ প্ৰথমবাৰলৈ সাংসদ হয়, ১৯৯০–৯৬চনত প্ৰথমবাৰ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। ১৯৯৬চনত তেওঁ একাদশ লোকসভালৈ নিৰ্বাচিত হয়। অটল বিহাৰী বাজপেয়ীৰ ১৩দিনীয়া চৰকাৰৰ তেওঁ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল। দ্বাদশ লোকসভাৰ বাবে তেওঁ দক্ষিণ দিল্লীৰ পৰা নিৰ্বাচিত হয় আৰু তেওঁক পুণৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। ইয়াৰ লগতে তেওঁক দূৰ সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হয়। অক্টোবৰ ১৯৯৮চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ পৰা পদত্যাগ কৰি দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰে।

১৯৯৯চনত তেওঁ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ বিৰুদ্ধে বেল্লাৰী সমষ্টি, কৰ্ণাটকৰ পৰা যুঁজি পৰাস্ত হয়। ২০০০চনত তেওঁ পুনৰ ৰাজ্যসভালৈ যায় আৰু তেওঁক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰূপে আকৌ এবাৰ দায়িত্ব দিয়া হয়। তেওঁ ২০০৪চনলৈকে তদানীন্তন চৰকাৰৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি