কৃষি আইনৰ প্ৰতিবাদত ৬৫সংখ্যক দিনাও দিল্লী–গাজিপুৰ সীমান্তত কৃষকসকলৰ বিক্ষোভ অব্যাহত আছে। গাজিপুৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ ফলত ১২ তৰপীয়া বেৰিকেড নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে ২৬ জানুৱাৰীত কৃষি আন্দোলনত যি হিংসাৰ ৰূপ দেখা গৈছিল, তাক লৈও প্ৰধানমন্ত্ৰীয়ে মন কী বাতত নিজৰ মন্তব্য প্ৰকাশ কৰে।
মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ২৬ জানুৱাৰীত দিল্লীত ত্ৰিৰংগাৰ অপমান কৰা হৈছে আৰু সেয়া খুবেই দুৰ্ভাগ্যজনক। মোদীয়ে কয়, নতুন বছৰটোৱে নতুন সময় আৰু আশা ৰ লগতে নতুনত্বৰ সপোন লৈ আহিছে। সেয়ে সকলোৱে দেশৰ উন্নতিৰ কথা ভাবিব লাগিব। আমি বিগত বৰ্ষটোত ব্যতিক্ৰমী সংযম আৰু সাহস দেখুৱাইছো। এই বছৰটোতো আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আমি তাক প্ৰমাণ কৰিব লাগিব।
মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কৃষিক্ষেত্ৰত আধুনিকীকৰণত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু বহু পদক্ষেপো লোৱা হৈছে। চৰকাৰৰ সেই প্ৰচেষ্টা আগলৈ অব্যাহত থাকিব।
লগতে তেওঁ উল্লেখ কৰে, এইবাৰ ২৬ জানুৱাৰীত অৰ্থাৎ গণৰাজ্য দিৱসৰ বিশেষ অনুষ্ঠানত ভাৰতীয় বিমান বাহিনীৰ দুই মহিলা বিষয়াই অংশ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাত অনুষ্ঠানত তেওঁলোকৰ প্ৰতি বিশেষ সন্মান জনাই কয় যে ভাৰতীয় নাৰীয়ে নিজৰ ক্ষমতাৰ পথত আগুৱাইছে, যিটো গৌৰৱৰ বিষয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|