স্থানীয় বিধায়ক মহেন্দ্ৰ থৰ্ভে, মুম্বাইৰ আচাম এচ’ছিয়েচনৰ প্ৰতিনিধিসকল আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়া সকলে অনুষ্ঠানটোত উপস্থিত থাকে
স্থানীয় বিধায়ক মহেন্দ্ৰ থৰ্ভে, মুম্বাইৰ আচাম এচ’ছিয়েচনৰ প্ৰতিনিধিসকল আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়া সকলে অনুষ্ঠানটোত উপস্থিত থাকে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰত শুক্ৰবাৰে শিলান্যাস কৰে শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ। অসমীয়া বৈষ্ণৱ ধৰ্মৰ কেন্দ্রস্থল নামঘৰটো নামকৰণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক সামাজিক কেন্দ্ৰ হিচাপে। মুম্বাইৰ স্থানীয় অসমীয়া সমাজৰ সহযোগত মহাৰাষ্ট্ৰ ৰাইগড় জিলাৰ কাৰজত অঞ্চলটোত নামঘৰটো নিৰ্মাণ কৰা হ’ব। একে অঞ্চলৰে আন এখন গাঁওত নিৰ্মাণ হ’ব আন এটা নামঘৰো।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি মুম্বাইৰ প্ৰৱাসী অসমীয়াসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু প্ৰকল্পটোৰ কাৰণে অৰ্থনৈতিক সাহায্যকে ধৰি সকলো প্ৰকাৰৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। গুৱাহাটীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকৰ আজিৰ সংখ্যাত উল্লেখ কৰা মতে, তেওঁ নামঘৰৰ সমীপত এটা মা কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথাও ঘোষণা কৰে। স্থানীয় বিধায়ক মহেন্দ্ৰ থৰ্ভে, মুম্বাইৰ আচাম এচ’ছিয়েচনৰ প্ৰতিনিধিসকল আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকল অনুষ্ঠানটোত উপস্থিত থাকে।
উল্লেখযোগ্য যে, দিল্লীতো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে এটা নামঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। দিল্লী নিৰ্বাচনত ৰাজধানী চহৰখনৰ অসমীয়াসকলক বিজেপি যদি শাসনলৈ আহে তেতিয়া নামঘৰ নিৰ্মাণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। অৱশ্যে দিল্লীত নামঘৰ নিৰ্মাণ প্ৰক্ৰিয়া এতিয়াও মাটিৰ সন্ধান প্ৰক্ৰিয়াতে আছে বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|