আত্মীয়ৰ বুকুৰ পৰা শিশু চুৰিৰ চেষ্টা, কেমেৰাত বন্দী হ’ল শিশু চোৰ, চাওক ভিডিঅ’

চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্তক।

News18-Assam
Updated:September 18, 2019, 1:09 PM IST
আত্মীয়ৰ বুকুৰ পৰা শিশু চুৰিৰ চেষ্টা, কেমেৰাত বন্দী হ’ল শিশু চোৰ, চাওক ভিডিঅ’
চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্তক।
News18-Assam
Updated: September 18, 2019, 1:09 PM IST
পঞ্জাবৰ লুধিয়ানা চহৰৰ ঋষি নগৰ অঞ্চলত আত্মীয়ৰ বুকুৰ পৰাই এটি কণমানিক চুৰি কৰাৰ চেষ্টা চলালে এটা চোৰে। পৰিয়ালৰ সদস্যৰ সৈতে শুই থকাৰ সময়তে চোৰে শিশুটিক উঠাই নিবলৈ চেষ্টা চলায়। কিন্তু লগত শুই থকা পৰিয়ালৰ সদস্যজন সাৰ পোৱাত শিশুটি চুৰি কৰাত ব্যৰ্থ হয় চোৰ। এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্তক।

চিচিটিভিত বন্দী হোৱা ফুটেজত দেখা গৈছে যে ঋষি নগৰ অঞ্চলৰ এটা পৰিয়াল ঘৰৰ বাহিৰত শুই আছিল। সেই সময়তে এটা চোৰে শুই থকা চাৰি বছৰীয়া শিশুটিক চুৰি কৰাৰ চেষ্টা চলায়। কিন্তু লগত শুই থকা মহিলাগৰাকী সাৰ পাই চোৰৰ হাতৰ পৰা কাঢ়ি লয় শিশুটিক। তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰটোৱে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি