Coronavirus Horror: লক্ষ্ণৌত ২৪ ঘণ্টাই জ্বলিছে শ্মশান! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত টিনপাতেৰে ঢাকি দিলে প্ৰশাসনে
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এনে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এনে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।
- News18 Assam
- Last Updated: April 16, 2021, 9:45 AM IST
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এনে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। কিছুদিন ধৰি অভিযোগ উঠিছিল যে কোৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা কমোৱা হৈছে চৰকাৰী ৰিপ’ৰ্টত। ৰিপ’ৰ্টত যি দেখুওৱা হৈছে, প্ৰকৃত সংখ্যা তাৰ তুলনাত বহু বেছি। লক্ষ্ণৌৰ একাধিক শ্মশানত দেখা গৈছে ভয়ংকৰ দৃশ্য। ২৪ ঘণ্টাই শৱদেহ দাহ কৰা হৈছে শ্মশানত। বিগত কেইবাদিনো শ্মশানৰ জুই নুমুৱা দেখা যোৱা নাই। শ্মশানৰ একাধিক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। তাৰ পিছতে তৎপৰ হৈ পৰে প্ৰশাসন। এইবাৰ নীলা মেটেল শ্বীটেৰে ঘেৰি দিয়া হ’ল সমগ্ৰ শ্মশান চৌহদ। যাতে ভিতৰৰ দৃশ্য বাহিৰৰ পৰা দেখা নাযায়। সিমানেই নহয়, শ্মশানৰ বাহিৰত ওলমাই দিয়া হৈছে জাননী। লিখা হৈছে – অনুমতি অবিহনে কোনো লোকে শ্মশান চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। কাৰণ এয়া কোৰোণা আক্ৰান্ত এলেকা।
This video is of the crematorium ghat located in Bhainsakund, Lucknow. I am not able to give speech and am knowledgeable, so just understand that when the change in the governance event, the situation on the ground is like this.#Lucknow #stayhomestaysafe#मोदी_सरकार_ध्यान_दो 😱 pic.twitter.com/NmBMYQILMS
— Deepak Chandra joshi (@DeepakJ02841911) April 15, 2021
এই ঘটনাৰ পিছতে যোগী চৰকাৰৰ সমালোচনাত সৰৱ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক নিন্দনীয় আৰু সত্য লুকুৱাৰ চেষ্টা বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। এক টুইটত প্ৰিয়ংকাই লিখিছে, ‘‘উত্তৰ প্ৰদেশ চৰকাৰৰ ওচৰত এটা অনুৰোধ থাকিল, এই পৰিস্থিতিক লুকুৱাই ৰাখিবলৈ সময়, সম্পদ আৰু শক্তি ব্যয় কৰা বৃথা। মহামাৰী ৰোধ কৰিবলৈ, জীৱন বচাবলৈ আৰু সংক্ৰমণ ৰোধ কৰিবলৈ সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰক।’’












