• Home
  • »
  • News
  • »
  • nation
  • »
  • ঘৰত সুৰা ৰাখিবলৈ এতিয়াৰ পৰা ল'ব লাগিব লাইচেন্স! চৰকাৰে কৰিলে ঘোষণা

ঘৰত সুৰা ৰাখিবলৈ এতিয়াৰ পৰা ল'ব লাগিব লাইচেন্স! চৰকাৰে কৰিলে ঘোষণা

Source-Google

Source-Google

উত্তৰ প্ৰদেশ চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। ৰাজ্যখনৰ আবকাৰী বিভাগে ২০২০-২১ বৰ্ষত ২৮,৩০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে ২০২১-২২ বৰ্ষত ইয়াতকৈ ৬ হাজাৰ কোটি অধিক ৰাজহ প্ৰাপ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

  • Share this:
ঘৰত সুৰা ৰাখিবলৈ এতিয়াৰ পৰা ল'ব লাগিব লাইচেন্স। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে মঞ্জুৰ কৰিছে ৰাজ্যখনৰ নতুন আবকাৰী নীতিত। উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ বাবে বা পাৰ্চনেল বাৰত নিৰ্ধাৰিত হিচাপতকৈ অধিক সুৰা ৰাখিবলৈ লাইচেন্স লোৱাৰ ব্যৱস্থা কৰিছে।

এই লাইচেন্স লাভ কৰিবলৈ প্ৰতি বছৰে ১২ হাজাৰ টকাৰ ফীজ জমা দিব লাগিব। নতুন নীতি অনুসৰি, এজন ব্যক্তি বা এঘৰৰ বাবে মাত্ৰ ৬ লিটাৰ মদ ক্ৰয় কৰিব পাৰিব। কিন্তু ইয়াতকৈ বেছিকৈ ৰাখিবলৈ হলে লব লাগিব লাইচেন্স।

উল্লেখ্য যে, ৰাজ্যখনৰ আবকাৰী বিভাগে ২০২০-২১ বৰ্ষত ২৮,৩০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে ২০২১-২২ বৰ্ষত ইয়াতকৈ ৬ হাজাৰ কোটি অধিক ৰাজহ প্ৰাপ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি