• Home
  • »
  • News
  • »
  • nation
  • »
  • Weather Alert : উত্তৰ ভাৰতত 'মৌচুমী'ৰ Entry ! উত্তৰ প্ৰদেশ-মধ্য প্ৰদেশ আৰু ৰাজস্থানত বজ্ৰপাতৰ ফলত ৭৫ জন নিহত...

Weather Alert : উত্তৰ ভাৰতত 'মৌচুমী'ৰ Entry ! উত্তৰ প্ৰদেশ-মধ্য প্ৰদেশ আৰু ৰাজস্থানত বজ্ৰপাতৰ ফলত ৭৫ জন নিহত...

উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ বহু ঠাইত বজ্ৰপাতৰ ফলত প্ৰায় ৭৫ জন লোকৰ মৃত্যু হৈছে। বতৰ বিভাগৰ মতে, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছত্তীশগড়, মধ্য প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত আজি অৰ্থাৎ সোমবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) উত্তৰ ভাৰতত বাৰিষা (Monsoon)ৰ বাবে কেইবাটাও পূৰ্বানুমান ভুল হোৱাৰ পিছত উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত মৌচুমী বায়ু প্ৰৱেশ কৰিছে। যদিও বাৰিষাৰ বৰষুণে আৰ্দ্ৰতা আৰু গৰমৰ পৰা সকাহ আনিছিল, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ বহু ঠাইত বজ্ৰপাতৰ ফলত প্ৰায় ৭৫ জন লোকৰ মৃত্যু হৈছে। বতৰ বিভাগৰ মতে, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছত্তীশগড়, মধ্য প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত আজি অৰ্থাৎ সোমবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে, বজ্ৰপাতৰ ফলত উত্তৰ প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু যোৱা ২৪ ঘণ্টাত ৪০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ কানপুৰ আৰু ইয়াৰ কাষৰীয়া জিলাত ১৮ জন, প্ৰয়াগৰাজত ১৩ জন, কৌশাম্বীত তিনিজন, প্ৰতাপগড়ত এজন, আগ্ৰাত তিনিজন আৰু বাৰাণসী আৰু ৰায়বৰেলী জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত বহু সংখ্যক লোকক ভৰ্তি কৰোৱা হৈছে। তদুপৰি, উত্তৰ প্ৰদেশত বজ্ৰপাতৰ ফলত ৫০ টাতকৈও অধিক গৰুৰ মৃত্যু হৈছে।

ৰাজস্থান আৰু মধ্য প্ৰদেশতো বজ্ৰপাতে ব্যাপক ক্ষতি কৰিছে। ৰাজস্থানত ৯টি শিশুসহ ২২ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশতো ১৩ৰ অধিক লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছে। বতৰ বিভাগৰ মতে, হাৰিয়ানা, পঞ্জাৱ, চণ্ডীগড় আৰু দিল্লীত বজ্ৰপাতৰ সৈতে প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। তদুপৰি, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখতো বজ্ৰপাতৰ আগজাননী দিয়া হৈছে।
Published by:Kokil Sarma
First published: