• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়াৰ মাজতে প্ৰচণ্ড মাৰপিট, DJৰ তালে তালে নৃত্যৰ সলনি চলিল চৰ–ঘোচা–গোৰ

বিয়াৰ মাজতে প্ৰচণ্ড মাৰপিট, DJৰ তালে তালে নৃত্যৰ সলনি চলিল চৰ–ঘোচা–গোৰ

বিচৰা ধৰণে গান বজোৱাক লৈ একাংশ যুৱকৰ মাজত কাজিয়াৰ সৃষ্টি হয়। দৰাপক্ষৰ মানুহে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলৈ কাজিয়া মাৰপিটলৈ ৰূপান্তৰ হৈছিল।

  • Share this:
লক্ষ্ণৌত দেওবাৰে নিশা এক বিয়াৰ অনুষ্ঠানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে, ডিজেৰ তালে তালে নৃত্য কৰি থকা একাংশ যুৱকৰ মাজত সৃষ্টি হয় কাজিয়াৰ। নৃতৰ সলনি চলিল চৰ–ঘোচা–গোৰ। বিয়াত উপস্থিত থকা মহিলাৰ সৈতেও হয় মাৰপিট। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হোৱালৈ মাৰপিট কৰা যুৱকসকল আঁতৰি যায়। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান চলাইছে।

ঘটনাটো ছৱাদতগঞ্জ অঞ্চলৰ খঞ্জৰ ৱালা তকিয়া মহল্লাত সংঘটিত হয়। জানিব পৰা মতে, ছৱাদতগঞ্জৰ পৰা দৰাপক্ষ ঠাকুৰগঞ্জলৈ গৈছিল। কেম্বৱেল ৰোডস্থিত অমন মেৰিজ লনত দৰাপক্ষ থকাৰ ব্যৱস্থা কৰা হৈছিল। ডিজেত চলিছিল সংগীত।

বিচৰা ধৰণে গান বজোৱাক লৈ একাংশ যুৱকৰ মাজত কাজিয়াৰ সৃষ্টি হয়। দৰাপক্ষৰ মানুহে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলৈ কাজিয়া মাৰপিটলৈ ৰূপান্তৰ হৈছিল।

প্ৰায় আধাঘণ্টা ধৰি চলিল এই মাৰপিটৰ ঘটনা। ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বে পৰিস্থিতিৰ শাম কাটে। ঠাকুৰগঞ্জ ইন্সপেক্টৰ হৰিশংকৰ চন্দে কয় যে একাংশ বাহিৰৰ যুৱকে দৰাপক্ষত সোমাই ডিজেত বলপূৰ্বক নৃত্য কৰিবলৈ লয়। তাৰ বিৰোধিতা কৰাৰ বাবেই মাৰপিটত লিপ্ত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: