• Home
  • »
  • News
  • »
  • nation
  • »
  • UP Election Results : উত্তৰ প্ৰদেশত এইসকলৰ ওপৰত থাকিব দৃষ্টি নিবদ্ধ থাকিব সকলোৰে

UP Election Results : উত্তৰ প্ৰদেশত এইসকলৰ ওপৰত থাকিব দৃষ্টি নিবদ্ধ থাকিব সকলোৰে

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক লৈ উত্তৰ প্ৰদেশেই নহয়, দৃষ্টি ৰাখিছে সমগ্ৰ দেশে।

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক লৈ উত্তৰ প্ৰদেশেই নহয়, দৃষ্টি ৰাখিছে সমগ্ৰ দেশে।

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক লৈ উত্তৰ প্ৰদেশেই নহয়, দৃষ্টি ৰাখিছে সমগ্ৰ দেশে।

  • Share this:


উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ (Uttar Pradesh Assembly Election 2022) সাতোটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে। এতিয়া সকলোৰে দৃষ্টি আজি ঘোষণা হ’বলগীয়া ফলাফলত। ইয়াৰ মাজতে এগজিট পোলৰ ফলাফলত উত্তৰ প্ৰদেশত পুনৰ এবাৰ বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ সদৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে। যোগী আদিত্যনাথে ২০১৭ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল। ফলত মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ ২০১৭ৰ ছেপ্টেম্বৰত এমএলচিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিজয়ী হৈছিল।

এমএলচিৰ কাৰ্যকাল ৬ বছৰ, এনে অৱস্থাত তেওঁৰ ওচৰত আৰু এটা বছৰ বাকী আছে। এগজিট পোলৰ কথা ক’বলৈ গ’লে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ সদৰ সমষ্টিত বিজয়ী হোৱাৰ অনুমান কৰা হৈছে। উত্তৰ প্ৰদেশৰ উপ–মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যয়ো ২০১৭ত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল।

উপ–মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ এমএলচিৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু জয়ী হৈছিল। বৰ্তমান তেওঁ কৌশাম্বী জিলাৰ ছিৰাথু সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নামিছে। সমষ্টিত তেওঁৰ জয়লাভক লৈ সেউজ সংকেত দেখা গৈছে।

বিজেপিৰ জ্যেষ্ঠ নেতা এছপি সিং্ বাঘেলে মেনপুৰীৰ কৰহল বিধানসভা সমষ্টিত অখিলেশ যাদৱৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে, যি নৰেন্দ্ৰ মোদী চৰকাৰৰ কেন্দ্ৰীয় আইন ৰাজ্য মন্ত্ৰী আৰু আগ্ৰাৰ সাংসদ। আনহাতে, সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে (Akhilesh Yadav) প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

অখিলেশ যাদৱে মেনপুৰীৰ কৰহল সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে। বৰ্তমান অখিলেশ যাদৱ আজমগড়ৰ সাংসদ। এগজিট পোলৰ ফলাফলত অখিলেশ যাদৱৰ জয় নিশ্চিত বুলি কোৱা হৈছে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত আজম খানৰ (Azam Khan) নাম কেৱল সমাজবাদী পাৰ্টীয়ে নহয়, বিজেপিৰ মাজতো চৰ্চিত। বৰ্তমান আজম খান কাৰাবন্দী হৈ আছে। জে’লৰ পৰাই আজম খানে ৰামপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে। আজম খান ৰামপুৰৰ সাংসদ। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক লৈ উত্তৰ প্ৰদেশেই নহয়, দৃষ্টি ৰাখিছে সমগ্ৰ দেশে।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি