উন্নাও কাণ্ড : ভেণ্টিলেটৰৰ পৰা আঁতৰালে অধিবক্তাক, ভুক্তভোগীৰ অৱস্থা সংকটজনক

News18-Assam
Updated:August 3, 2019, 3:16 PM IST
উন্নাও কাণ্ড : ভেণ্টিলেটৰৰ পৰা আঁতৰালে অধিবক্তাক, ভুক্তভোগীৰ অৱস্থা সংকটজনক
৬ দিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ এতিয়াও চিকিত্সাধীন অৱস্থাত আছে হাস্পতালত। অৱশ্যে অধিবক্তাগৰাকীক ভেণ্টিলেটৰৰ পৰা বাহিৰলৈ আনিছে যদিও ধৰ্ষিতা কিশোৰীগৰাকীক এতিয়াও ৰখা হৈছে ভেণ্টিলেটৰত।

৬ দিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ এতিয়াও চিকিত্সাধীন অৱস্থাত আছে হাস্পতালত। অৱশ্যে অধিবক্তাগৰাকীক ভেণ্টিলেটৰৰ পৰা বাহিৰলৈ আনিছে যদিও ধৰ্ষিতা কিশোৰীগৰাকীক এতিয়াও ৰখা হৈছে ভেণ্টিলেটৰত।

  • Share this:
এতিয়াও উন্নত হোৱা নাই ৰায়বেৰেলীত পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত উন্নাওত ধৰ্ষিতা আৰু তেওঁৰ অধিবক্তাৰ স্বাস্থ্যৰ অৱস্থা। ৬ দিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ এতিয়াও চিকিত্সাধীন অৱস্থাত আছে হাস্পতালত। অৱশ্যে অধিবক্তাগৰাকীক ভেণ্টিলেটৰৰ পৰা বাহিৰলৈ আনিছে যদিও ধৰ্ষিতা কিশোৰীগৰাকীক এতিয়াও ৰখা হৈছে ভেণ্টিলেটৰত। গিং জৰ্জ মেডিকেল ইউনিভাৰচিটীৰ ডাক্তৰে জনোৱা মতে ধৰ্ষিতা কিশোৰীগৰাকীৰ অৱস্থা এতিয়াও উন্নত হোৱা নাই, বিপৰীতে আহত অধিবক্তাগৰাকীৰ অৱস্থা কিছু উন্নত হোৱাৰ বাবে আঁতৰ কৰা হৈছে ভেণ্টিলেটৰৰ পৰা। ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বিনামূলীয়াকৈ চিকিত্সা চলি আছে দুয়োৰে। দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ধৰ্ষিতা কিশোৰীগৰাকীৰ কেইবাডালো হাড় ভঙাৰ লগতে আঘাত পাইছে বুকুত।

ট্ৰামা চেণ্টাৰত উপস্থিত হয় CBIৰ দল
ট্ৰামা চেণ্টাৰত আজি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে CBIৰ দলে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তত্পৰতা বৃদ্ধি পাইছে CBIৰ দলটোৰ।

উল্লেখ্য যে উন্নাওৰ বিধায়ক কুলদীপ ছেংগৰৰ বিৰুদ্ধে বলাত্কাৰৰ অভিযোগ উত্থাপন কৰা ভুক্তভোগী ১৬ বছৰীয়া কিশোৰীগৰাকী পৰিয়ালৰ সৈতে ৰায়বেৰেলীৰ পৰা উন্নাওলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হয়। পৰিয়ালটো যোৱা গাড়ীখনৰ সৈতে ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত থিতাতে মৃত্যুক সাবটি লয় ভুক্তভোগী কিশোৰীগৰাকীৰ খুৰীয়েক আৰু মাহীয়েকে। আনহাতে গুৰুতৰভাৱে আহত হয় ভুক্তভোগী কিশোৰীগৰাকী আৰু লগত যোৱা অধিবক্তা মহেন্দ্ৰ সিং চৌহান।
First published: August 3, 2019, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading